08/30/2019 - 20:35
in
দেৰগাঁওঃ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেঘেৰিটিং শাখাৰ উদ্যোগত আজি পুৱা বালিজান বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হয়৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেঘেৰিটিং বালিজান ছাত্ৰ সন্থা আৰু স্থানীয় ভালেসংখ্যক ৰাইজে ৰূপায়ণ কৰে ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গান দি উত্তাল কৰি তোলে বাগিছাৰ কাৰ্যালয় চৌহদ৷
২০১৮/১৯ বৰ্ষৰ ২০ শতাংশ বোনাচ প্ৰদানৰ দাবীত আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে বাগানৰ পৰিচালকক স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে গোলাঘাট জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়াই৷