যমুনামুখত আৰক্ষী-দুৰ্বৃত্তৰ গুলিয়াগুলিঃ এজন গুলিবিদ্ধ, পিষ্টল জব্দ

 04/04/2019 - 13:49

ডবকাঃ হোজাই জিলাৰ যমুনামুখত দুৰ্বৃত্ত আৰু আৰক্ষীৰ মাজত গুলিয়া-গুলিৰ ঘটনা সংঘটিত হৈছে৷ এই ঘটনাত এজন লোক গুলিবিদ্ধ হয়৷ বাতৰি অনুসৰি বুধবাৰে দিনৰ প্ৰায় ৪ বজাত যমুনামুখৰ যমুনাগুৰি গাঁৱত হোজাই আৰক্ষীৰ অপৰাধ শাখাৰ এটি দলে  দুজন লোক বাইকেৰে আহি থকা দেখি ৰ’বলৈ সংকেত দিয়ে৷ তেনে সময়ত আৰক্ষীলৈ লক্ষ্য কৰি বাইকৰ পিছফালৰ আসনত থকা লোকজনে গুলি কৰে৷ 

অৱশ্যে দুৰ্বৃত্তই চলোৱা গুলি লক্ষ্যভ্ৰষ্ট হোৱাত আৰক্ষীৰ কোনো লোক হতাহত হোৱা নাই৷ সেই সময়ত আৰক্ষীয়ে প্ৰত্যুত্তৰত বাইকত থকা দুৰ্বৃত্তলৈ লক্ষ্য কৰি গুলি কৰাত এজন লোক আহত হয় বুলি এক সংবাদ মেল যোগে ডবকা আৰক্ষী চক্ৰ পৰিদৰ্শক জিয়াউৰ ৰহমানে জানিবলৈ দিয়ে৷ আৰক্ষীৰ গুলিত আহত লোকজন যমুনামুখৰ আব্দুল মুতলিবৰ পুত্ৰ হাফিজ উদ্দিন (৩৫) বুলি চিনাক্ত হৈছে৷

আহত গুলিবিদ্ধ লোকজনক হোজাই অপৰাধ শাখাৰ আৰক্ষীয়ে নিজৰ বাহনত উঠাই ডবকা চিকিৎসালয়ত ভৰ্তি কৰে৷ লোকজনৰ সোঁ-ভৰিত গুলি লাগে৷ অত্যধিক ৰক্তক্ষৰণ ঘটা লোকজনক মুমূৰ্ষ অৱস্থাত ডবকা চিকিৎসালয়ত ভৰ্তি কৰাত ডবকা চিকিৎসালয়ৰ চিকিৎসক ডাঃ ইচহাক আলী আৰু ডাঃ গায়নে প্ৰাথমিক চিকিৎসা আগবঢ়াই উন্নত চিকিৎসাৰ বাবে লোকজনক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ আৰক্ষীয়ে লোকজনৰ পৰা ৭·৬৫ এম এম এটা পিষ্টল, দুই জাঁই সক্ৰিয় গুলি উদ্ধাৰ কৰে৷ আৰক্ষীৰ এই অভিযানৰ নেতৃত্ব দিয়ে এচ আই পি সুৰজ দত্ত, আৰু হোজাই পুলিছ অপৰাধ শাখাৰ ঋষি বড়োৱে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।