হাউলীত এক মাহত দুই লাখ টকাৰ জৰিমনা সংগ্ৰহ আৰক্ষীৰ

 08/31/2019 - 14:43

হাউলীঃ হাউলী নগৰৰ বিভিন্ন ৰাস্তাত অবৈধভাৱে যান-বাহন পাকিং কৰাৰ অপৰাধত মটৰ গাড়ীসমূহ গৰাকীৰ পৰা বিগত এক মাহত প্ৰায় ১,৭৮,৪০০ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বুলি নতুনকৈ যোগদান কৰা হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে জানিবলৈ দিয়ে।

তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা হাউলী নগৰৰ ৰাস্তাসমূহত যান-জঁট নিয়ন্ত্রনৰ লগতে হাউলী অঞ্চলৰ অসামাজিক কাৰ্যকলাপ, চুলাই মদ, সঘনাই সংঘটিত হৈ থকা চুৰি ডকাইতি আদিও নিয়ন্ত্রন কৰিবলৈ সক্ষম হৈছে। হাউলী আৰক্ষীৰ এনে প্ৰচেষ্টাক স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।