খোৱাংঃ বানৰ বিভীষিকাৰ পিছত এতিয়া পানীৰ অভাৱত চিৰাল ফাট মেলিছে ৰাজ্যৰ বিভিন্ন ঠাইৰ খেতি পথাৰত। গাঁঠিৰ ধন ভাঙি কপালৰ ঘাম মাটিত পেলায় অশেষ কষ্টেৰে কৃষকসকলে খেতি কৰিছিল যদিও উপযুক্ত পানীৰ অভাৱত পথাৰত বৃহৎ বৃহৎ ফাট মেলিবলৈ ধৰিছে। কৃষকসকলক সকাহ দিবলৈ চৰকাৰৰ ওচৰত নাই কোনো বিকল্প ব্যৱস্থা।
ঘূণে ধৰিছে চৰকাৰৰ জনসিঞ্চন বিভাগ। উপায়ন্তৰ হৈ এই বৃহৎ সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে খোৱাঙতো ৰাইজে সমূহীয়াকৈ অনুষ্ঠিত কৰিলে ভেকুলীৰ বিয়া। সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিয়ে খোৱাঙৰ বাঘটলী পথাৰ বাইলুং গাঁও আৰু বোকাহোলা গাঁও লগ লাগি অনুষ্ঠিত কৰা এই বিয়াত গাঁও দুখনৰ বহু মহিলা, শিশু আৰু কৃষকসকলে অংশগ্ৰহণ কৰে। আয়তীৰ উৰুলিৰ মংগলময় ধ্বনিৰে আনন্দ উল্লাসৰ মাজত অনুষ্ঠিত হোৱা এই বিয়াৰ দৰাঘৰ বাঘটলী পথাৰত আৰু কন্যাৰ ঘৰ বোকাহোলাত বুলি ৰাইজে উল্লেখ কৰিছে।
উল্লেখ্য যে যুগ যুগ ধৰি প্ৰচলিত জনবিশ্বাস অনুসৰি খৰাঙৰ দিনত বৰষুণ নহ’লে গ্ৰামাঞ্চলৰ কৃষকসকলে ভেকুলীৰ বিয়া পাতে। ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হয় আৰু বৰষুণ আহে বুলি থকা জনবিশ্বাসৰ বাবেই অতিমাত্ৰা খৰাং হ’লে ৰাইজে অনুষ্ঠিত কৰে এই ভেকুলীৰ বিয়া। ইফালে পৰম্পৰা ৰক্ষা কৰি বৰষুণৰ বাবে অঞ্চলটো কেইবাঠাইটো ঢেকী, নাঙল আদি চুৰি কৰি আনি পথাৰত পোতা পৰিলক্ষিত হৈছে।