বৰপেটাঃ বৰপেটাৰ সাংসদ আব্দুল খালেকে শনিবাৰে সাংসদ হোৱাৰ পিছত প্ৰথম খন সংবাদমেল সম্বোধন কৰে বৰপেটা প্ৰেছ ক্লাৱত। এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ কিছু সময় পিছতে শনিবাৰে বৰপেটা প্ৰেছ ক্লাৱত সংবাদ মেলৰ আয়োজন কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে৷ এন আৰ চিৰ চূড়ান্ত তালিকাক লৈ সম্পূৰ্ণৰুপে সন্তুষ্ট নহয় বুলি স্পষ্ট কৰি দিয়ে সাংসদ গৰাকীয়ে৷
এন আৰ চিৰ চূড়ান্ত তালিকাত বহু প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভূক্ত নহ’ল বুলিও তেওঁ প্ৰকাশ কৰে৷ এই লোকসকলক কিদৰে ন্যায় দিব পাৰি সেয়াও চিন্তাৰ বিষয় বুলি ব্যক্ত কৰে৷ আনহাতে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি খালেকে কয় "হু ইছ হিমন্ত বিশ্ব"? উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত প্ৰস্তুত কৰা এন আৰ চিক লৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী এগৰাকীয়ে নস্যাৎ কৰাৰ কোনো অধিকাৰ নাই বুলি মন্তব্য কৰে৷ যিহেতু এন আৰ চি প্ৰক্ৰিয়া সম্পূৰ্ণ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছত অসম চৰকাৰৰ এটি গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীয়ে উচতনি মুলক বক্তব্য ৰখাটো নিন্দনীয় বুলি অভিহিত কৰে।