বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনাঃ ট্ৰাকৰ খুন্দাত প্ৰাণ গ'ল মহিলাৰ

 08/31/2019 - 15:58

গহপুৰঃ গহপুৰৰ বালিজানত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'ব ধৰোতেই বিপৰীত দিশৰ পৰা অহা এখন ছয় চকীয়া ট্ৰাকে মহতিয়াই নিয়ে বাকৰি পঞ্চায়তৰ অৰ্ন্তগত বৰঝহা বাৰীৰ সাবিত্ৰী প্ৰধান(৫০) নামৰ মহিলাগৰাকীক। ততাতৈয়াকৈ বালিজান অঞ্চলৰ লোকসকলে ১০৮ এম্বুলেঞ্চ সেৱাক খবৰ দিছিল যদিও একো সঁহাৰি নজনোৱাত বালিজানৰ সচেতন ব্যক্তি মাধৱ শীল, বিজুমনি বৰুৱা আদি ব্যক্তিসকলৰ সহযোগত ততাতৈয়াকৈ ব্যক্তিগত বাহনেৰে গহপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

কিন্তু মহিলাগৰাকীৰ অৱস্থা সংকটজনক দেখি প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছতেই চিকিৎসকে তেজপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও আধা বাটতে মৃত্যুক আঁকোৱালি ল'ব লগা হয় মহিলাগৰাকীয়ে। ঘটনা সংঘটিত কৰা ট্ৰাকখন কিছু দূৰৈত ৰাখি চালকজনে পলায়ন কৰে। ঘটনাৰ বিৱৰণী অনুসৰি বিয়া দিয়া জীয়েকৰ ধেমাজীৰ বাসগৃহলৈ যাবলৈ আহোতেই এনেদৰেই কৰুণ মৃত্যুক সাবতি ল'ব লগা হয় মহিলাগৰাকীয়ে।

মহিলাগৰাকীৰ মৃতদেহটি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে বুলি আমাক জানিব দিয়ে। বিভিন্ন সময়ত বালিজানৰ লোকসকলে উক্ত স্থানত গতিৰোধক নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও আজিকোপতি নিৰ্মাণ নহ'ল গতিৰোধক। সেয়ে এতিয়া স্থানীয় ৰাইজে দুৰ্ঘটনাস্থলীত গতিৰোধক নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।