ওৰাঙত ককায়েকে হত্যা কৰিলে ভনী জোঁৱায়েকক

 04/04/2019 - 13:53

ওৰাং: ওৰাঙৰ মাজবাটত বুধবাৰে সন্ধিয়া সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। এগৰাকী ব্যৱসায়ীক মৰিয়াই মৰিয়াই হত্যা কৰিলে সতীৰ্থ ব্যৱসায়ীয়ে। বুধবাৰে মাজবাটৰ লালপানী বজাৰত ব্যৱসায়ৰ বাবে আটাইকেইজন একেলগে ওলাই গৈছিল।

কিন্তু বজাৰৰ পৰা ব্যৱসায় সামৰি ঘৰলৈ অহাৰ সময়ত সাধাৰণ কথাতে মতানৈক্য হয় তেওঁলোকৰ মাজত। আৰু ঘৰলৈ আহি চাৰি গৰাকী সতীৰ্থ ব্যৱসায়ীয়ে মিলি মৰিয়াই মৰিয়াই হত্যা কৰে বিজয় দাস নামৰ ব্যৱসায়ীজনক।

উল্লেখ্য যে, বিজয় দাস নামৰ ব্যৱসায়ীজন হত্যাকাৰীকেইজনৰ সম্পৰ্কত ভনী জোঁৱায়েক। নিজ ভনী জোঁৱায়েকক হত্যা কৰিলে নিষ্ঠুৰ ককায়েক মুন্না দাস, ৰানা দাস, ননিগোপাল দাস আৰু দুলাল দাসে। মৃত বিজয় দাস নামৰ ব্যৱসায়ীজনৰ কন্যাৰ কেইদিনমান পাছত আছিল তুলনি বিয়া।

আৰু তুলনি বিয়াৰ যোগাৰ কৰিবৰ বাবে বিজয় দাসে প্ৰতিদিনে ককায়েককেইজনৰ সৈতে ব্যৱসায়ৰ বাবে একেলগে গৈছিল। হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ মাজবাট অঞ্চলতে চাঞ্চল্যই বিৰাজ কৰিছে। ইতিমধ্যে মাজবাট আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত মূল অভিযুক্ত চাৰিগৰাকীক গ্ৰেপ্তাৰ কৰিছে।

হত্যাকাৰীকেইজনৰ ফাঁচিৰ দাবী জনাইছে পৰিয়ালৰ লোকৰ লগতে মাজবাটৰ ৰাইজে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।