আমিনগাঁওঃ শনিবাৰে শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীৰ ৫ম শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখন বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। প্ৰদৰ্শনীখন ৩৯ টা প্ৰকল্প প্ৰদৰ্শন কৰা হয় ।প্ৰতিযোগিতাৰ আৰম্ভণিতে বন্তি প্ৰজ্জলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি মানস দাসে। প্ৰতিযোগিতাৰ শুভ উদ্ধোধন কৰে আই আই টি গুৱাহাটীৰ অধ্যাপক ডঃ প্ৰতুল কলিতা। ডঃ কলিতাই বক্তব্য ৰাখি কয় যে ছাত্ৰ-ছাত্ৰী সকলক জ্ঞান-বিজ্ঞানৰ জগতত প্ৰাচীন আৰু অপ্ৰাচীন জ্ঞানৰ লগত চিনাকি কৰোৱাৰ লগতে তেওঁলোকৰ ক্ৰিয়াধাৰিত অধ্যয়ন, অৱলোকন, অন্বেষণ আৰু সংশ্লেষণ প্ৰবৃত্তিৰ বিকাশ সাধন কৰা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে নতুন আৱিষ্কাৰৰ প্ৰতি উৎসাহ জনোৱাই হৈছে জ্ঞান-বিজ্ঞান মেলাৰ উদ্দেশ্য। বিদ্যালয়ত আয়োজিত বিজ্ঞান প্ৰদৰ্শনীয়ে শিশুৰ বৈজ্ঞানিক চিন্তাধাৰা আৰু সৃষ্টিশীলতা বিকাশ ঘটায়। এই অনুষ্ঠানৰ বিচাৰক হিচাপে উপস্থিত থাকে ডঃ প্ৰতুল কলিতা উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ বিজ্ঞান শিক্ষক কৃষ্ণ শইকীয়া আৰু শিক্ষয়িত্ৰী শেৱালি বৰদলৈ। বিজ্ঞান প্ৰদৰ্শনীৰ তত্বাৱধায়ক আচাৰ্য-আচাৰ্যা সকল হ'ল পলাশ শৰ্মা, অজয় বৰদলৈ, দীপান্বিতা চৌধুৰী । লগতে প্ৰজেক্টৰ সহায়ৰ পৃথিৱীৰ ৰহস্য প্ৰদৰ্শন কৰে শ্ৰী সংগীতা চমুৱাই ।