08/31/2019 - 19:11
in
দলগাঁওঃ আজি প্ৰকাশিত বহু প্ৰত্যাশিত এনআৰচিৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নহ’ল দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াচ আলীৰ পৰিয়ালৰ তিনিজনকৈ সদস্যৰ নাম। বিধায়কগৰাকীৰ কন্যা ইমৰানা বেগম, ভতিজী এলবিনা আফ্ৰোজ, নাতিনী ইফতিকাৰ নাচৰিন নিছা৷ সমষ্টিটোত উপযুক্ত নথিপত্ৰ থকা সত্বেও বহু লোকৰ নাম তালিকাৰ পৰা বাদ পৰাত শংকিত হৈ পৰিছে ভুক্তভোগী লোকসকল।
চৰকাৰী কৰ্মচাৰী, শিক্ষক, সাংবাদিকৰ নামো বাদ পৰিল তালিকাৰ পৰা, দলগাঁও ৰাজহ চক্ৰৰ অৱসৰপ্ৰাপ্ত লাট মণ্ডল খলিলুৰ ৰহমানৰ নাম অন্তৰ্ভুক্ত নহ’ল এনআৰচিৰ তালিকাত। তথাপিও শুদ্ধ তালিকা প্ৰকাশ হোৱা বুলি দাবী কৰে চৰকাৰী মহলে। এই সন্দৰ্ভত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মহম্মদ খলিফাই আজি প্ৰকাশিত এনআৰচিৰ পৰা বহু প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰিছে বুলি অভিযোগ তুলিছে।