মৰিগাঁৱৰ লাহৰীঘাটত মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰি ৰাইজৰ ৰোষত পৰিল শিক্ষক

 04/04/2019 - 14:21

লাহৰীঘাটঃ বিদ্যালয়তে শিক্ষকক ঘেৰাও কৰিলে স্থানীয় ৰাইজে। লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত ধুমকুৰা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক জেহিৰুল ইছলাম পৰিছে ৰাইজৰ ৰোষত। যোৱা ৩১ ডিচেম্বৰত বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ পদৰ পৰা জেহিৰুল ইছলামৰ দায়িত্ব শেষ হোৱাত বিভাগীয় ভাৱে ১ জানুৱাৰীত মোবাৰক হুছেইন নামৰ শিক্ষক এগৰাকীক প্ৰধান শিক্ষকৰ পদত নিয়োগ কৰা হয়।

আশ্চৰ্যকৰ বিষয় যে দায়িত্ব ভাৰ শেষ হোৱাৰ পিছতো পূৰ্বৰ প্ৰধান শিক্ষক জেহিৰুল ইছলামে যোৱা ১৯ জানুৱাৰীত উঠাই আনিছিল বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ চাৰে চাৰি কুইন্টল চাউল। কণকণ ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে অহা চাউলখিনি আত্মসাৎ কৰা বুলি শিক্ষক গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

ইয়াৰ উপৰিও ১৯ জানুৱাৰীত লাহৰীঘাট সমবায়ৰ পৰা বিদ্যালয়লৈ অনা চাউলখিনি বিদ্যালয় আহি নাপালে বুলি স্বীকাৰ কৰিছে বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে। যাৰ বাবে আজি ধুৰন্ধৰ শিক্ষক গৰাকীক স্থানীয় ৰাইজে ঘেৰা কৰে বিদ্যালয়ৰ চৌহদতে। দুৰ্নীতিগ্ৰস্ত শিক্ষকগৰাকীক অতি শীঘ্ৰেই নিলম্বিত কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।