আধুনিক গীত ‘নাচো নাচো’ৰ শুভ মুক্তি

 08/31/2019 - 19:23

গোগামুখঃ ধেমাজি জিলাৰ গোগামুখ ৰংপুৰীয়াস্থিত পৰি ষ্টুডিঅ’ৱে সমগ্ৰ অসমৰ লগতে স্থানীয় নবীন প্ৰবীন শিল্পীসকলৰ গীতৰ বাণীবন্ধনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা প্ৰদান কৰি আহিছে। বৰ্তমান অসমীয়া, বড়ো, মিচিং, কছাৰী, বাগানীয়া, হিন্দী ভাষাৰ গীত বাণীবন্ধন কৰা বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

শনিবাৰে মহেন্দ্ৰ দত্তৰ পৰিচালনাৰে পংকজ শইকীয়া আৰু আমাণ্টিকা বৰাৰ কণ্ঠত নাচো নাচো নামেৰে এটি আধুনিক গীত মুকলি কৰে। পৰিচালকগৰাকীয়ে গীতটি শ্ৰোতা ৰাইজে আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।