চূড়ান্ত এনআৰচিত নাম নাহিল ডবকাৰ কেইবাটাও পৰিয়ালৰ

 08/31/2019 - 19:48

ডবকাঃ বহু অপেক্ষাৰ অন্তত অসমীয়া জাতিৰ দলিল স্বৰূপ এনআৰচিৰ চূড়ান্ত তালিকা আজি প্ৰকাশ পালে৷ প্ৰকাশ পোৱা তালিকাখনত নাম নাহিল ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত হালধিআটী গাঁৱৰ দুটাকৈ পৰিয়ালৰ৷ যাৰ বাবে পৰিয়াল দুটিত এটি হাহাকাৰ পৰিবেশে বিৰাজ কৰিছে৷ হালধিআটী গাঁৱৰ প্ৰদীপ বৰা আৰু সুকুমাৰ বৰদলৈ নামৰ লোক দুজনে তেওঁৰ পৰিয়ালৰ যাৱতীয় নথি পত্ৰ দি এনআৰচিত নাম অন্তৰ্ভূক্তি বাবে আবেদন জনাইছিল৷

সেইমতে এনআৰচি কৰ্তৃপক্ষই শুনানি গ্ৰহণ কৰিছিল৷ শুনানি গ্ৰহণ কৰাৰ পাছতো খিলঞ্জীয়া পৰিয়াল দুটিৰ নাম যোৱা বছৰ প্ৰকাশ পোৱা চূড়ান্ত খচৰা তালিকাত নাহিল পাছত তেওঁলোকে পুনৰ নিয়ম অনুয়ায়ী নাম অন্তৰ্ভুক্তিৰ বাবে দাবী জনাই আবেদন কৰিছিল৷ কিন্তু পাছত পুনৰ শুনানি গ্ৰহণ কৰাৰ পাছতো আজি প্ৰকাশ পোৱা চূড়ান্ত তালিকাত প্ৰদীপ বৰাৰ ছয় জনীয়া পৰিয়ালত প্ৰদীপ বৰা, পত্নী অল্পনা বৰা, পুত্ৰ প্ৰনৱ বৰা, তিনি কন্যা প্ৰতিমা বৰা, পম্পী বৰা আৰু অনামিকা বৰাৰ নাম নাহিল৷

ইয়াৰ সমান্তৰালকৈ সুকুমাৰ বৰদলৈৰ তিনিজনীয়া পৰিয়ালত সুকুমাৰ বৰদলৈ, পত্নী মিলানান্ত বৰদলৈ আৰু পুত্ৰ বকুল বৰদলৈৰ নামো আজি প্ৰকাশ পোৱা তালিকাত নোলাল৷ অতিশীঘ্ৰে তেওঁৰ নাম এনআৰচিত সোমোৱাবৰ বাবে খিলঞ্জীয়া পৰিয়াল দুটিয়ে চৰকাৰৰ ওচৰত দাবী জনাইছে৷ আনহাতে কাৰিকৰী অসুবিধাৰ বাবে পৰিয়াল দুটিৰ নাম চূড়ান্ত এনআৰচিত সোমোৱা নাই বুলি স্থানীয় এনআৰচি বিষয়াগৰাকীয়ে জানিবলৈ দি তেওঁলোকে ভয় কৰিবলীয়া একো নাই বুলিও প্ৰকাশ কৰে স্থানীয় বিষয়াগৰাকীয়ে৷ তেওঁলোকৰৰ নাম অতিশীঘ্ৰে এনআৰচিত সোমাব বুলি আশ্বাস দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।