উত্তৰ গুৱাহাটীত ড্ৰাগছ ব্যৱসায়ী আটক

 08/31/2019 - 20:11

আমিনগাঁওঃ বৰবিহ ড্ৰাগছৰ কবলত উত্তৰ গুৱাহাটীৰ যুৱক। অলিয়ে গলিয়ে ছানি ধৰিছে ড্ৰাগছৰ বেহাই। আমিনগাঁৱৰ পাছত পুনৰ উত্তৰ গুৱাহাটীৰ ৰহধলাত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি হাতে লোটে ধৰা পৰিল মুনমুন ৰাজবংশী নামৰ এজন যুৱক। এফ জেদ বাইকত অহা আন এজন বাইক এৰি পলায়ন। বঙাইগাঁৱৰ পৰা আহি ৰহধলাত ভাৰাতীয়া হিচাপে থাকি চলাইছিল ড্ৰাগছৰ ৰয়ৰমীয়া বেহা।

আৰক্ষীৰ বুজাবুজিত বৰবিহ ড্ৰাগছে শিপাইছে উত্তৰ গুৱাহাটীত। আৰক্ষীয়ে নেদেখাৰ ভাও ধৰা ড্ৰাগছ ব্যবসায়ীক বাৰে বাৰে আটক কৰে ৰাইজে। পিছে ধৃত ড্ৰাগছ সৰবৰাহকাৰী মুনমুনে দিলে দীঘলীয়া লিষ্ট। বাইহাটা চাৰিআলি আৰু আজ্ঞাঠুৰীৰ পৰা নিয়ন্ত্ৰিত হয় ড্ৰাগছৰ ভয়াবহ নেটৱৰ্ক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।