বৰপেটাঃ সদ্য প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ তথ্য প্ৰযুক্তি সম্পাদক মনিৰুজ জামানে সংবাদ মাধ্যমৰ জৰিয়তে জনায় যে এন আৰ চিৰ কিছু বিসংগতিৰ বাবে বহু ভাৰতীয়ৰ নাম অন্তৰ্ভূক্ত নহ'ল। বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত নোহোৱাৰ পৰা এনআৰচিখন সম্পূৰ্ণৰূপে শুদ্ধ নহ’ল বুলি ক’ব পৰাৰ থল থকা বুলি তেওঁ কয়।
কেইবা দশক পিছত এন আৰ চিৰ কাম কৰা বাবে কিছু বিসংগতি হোৱাতো স্বাভাবিক বুলিও তেওঁ উল্লেখ কৰে। বাদ পৰা ভাৰতীয় লোকসকলক পৰৱৰ্তী সময়ত এন আৰ চিত অন্তৰ্ভূক্ত কৰাৰ বাবে চৰকাৰ তথা এন আৰ চিৰ কৰ্তৃপক্ষক আহ্বান জনায় নেতাজনে।
এন আৰ চিক লৈ যাতে কোনো ৰাজনৈতিক দলে ৰাজনৈতিক লাভালাভ আদায় কৰিব নোৱাৰে তাৰবাবে ৰাইজক সজাগ হৈ থকাৰ বাবে তেওঁ আহ্বান জনায়। আমছুৰ তৰফৰ পৰা বিদেশী ন্যায়াধীকৰণৰ আইনী প্ৰক্ৰিয়াত সম্পূৰ্ণ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে সম্পাদকজনে। আমছুৰ তথ্য প্ৰযুক্তি সম্পাদক মনিৰুজ জামানে যি সকল দল সংগঠনে বিদেশী ইছ্যুক লৈ নিজৰ দোকান চলাই গৈছিল সেই দোকানখন অচিৰেই বন্ধ হোৱাৰ পথত বুলি মন্তব্য কৰে।