লাহৰীঘাটঃ সম্প্ৰতি ৰাজ্যত নিৰাপত্তাহীনতাত ভুগিছে কিশোৰীসকল। এটাৰ পিছত আন এটা কিশোৰী অপহৰণৰ দৰে ঘটনা বৃদ্ধি পোৱাৰ সময়তে মৰিগাঁও জিলাৰ নৈপৰীয়া অঞ্চল টেঙাগুৰিত সংঘটিত হৈছে কিশোৰী অপহৰণৰ ঘটনা। শেহতীয়াকৈ টেঙাগুৰি কাছাৰী গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী অপহৰণ কৰা ঘটনা পোহৰলৈ আহিছে।
জানিব পৰা মতে ২৯ আগষ্টত ঘৰত কোনো নথকাৰ সুযোগ লৈ সন্ধিয়া ৭ মান বজাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক ঘৰৰ ওচৰৰে আব্দুল মুতালেব নামৰ ৫০ বছৰীয়া লম্পটে অপহৰণ কৰে। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃয়ে লাহৰীঘাট আৰক্ষী থানাত লম্পট আব্দুল মুতালেবৰ লগতে আব্দুল জুব্বাৰ, আব্দুল ছাত্তাৰ আৰু আব্দুল কাদিৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
এজাহাৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ কিশোৰীগৰাকীৰ কোনো শুংসূত্ৰ উলিব পৰা নাই। কোনো সদাশয় ব্যক্তিয়ে লম্পটটোক দৃষ্টিগোচৰ হ’লে লাহৰীঘাট আৰক্ষী নাইবা অপহৃতা কিশোৰীগৰাকীৰ পৰিয়ালৰ 7002329842 নম্বৰ যোগাযোগ কৰিবলৈ কাতৰ আহব্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।