নৰ্থ লখিমপুৰত মহেন্দ্ৰ সিঙৰ সংবাদমেল

 04/04/2019 - 14:32

লখিমপুৰ: নৰ্থ লখিমপুৰ প্ৰেছক্লাৱত আজি বিজেপি নেতা মহেন্দ্ৰ সিঙে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলখনিত মহেন্দ্ৰ সিঙৰ লগত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰছাদ তাছা, লখিমপুৰ বিজেপিৰ সভাপতিৰ লগতে বিষয়ববীয়াসকল।

সংবাদমেলত মহেন্দ্ৰ সিঙে সংবাদ মাধ্যমৰ আগত বিজেপি চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি কয় যে, ২০১৪ চনৰ পিছৰপৰাহে অসম যাতায়তকে ধৰি বিভিন্ন দিশত উন্নত হৈছে। কংগ্ৰেছ চৰকাৰে অসমৰ বাবে একো চিন্তাই নকৰিলে বুলি তেওঁ মন্তব্য আগবঢ়ায়।

নদী বান্ধ সম্পৰ্কত কামাখ্যা প্ৰসাদ তাছাক সাংবাদিকে সোধা প্ৰশ্নত তেওঁ কয় যে, নদী বান্ধ চৰকাৰে বিচৰা হ'লে ইমানদিনে বান্ধৰ কাম সম্পূৰ্ণ কৰিলে হয়। এই বান্ধে নামনি ৰাইজক যাতে ক্ষতি কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও মত প্ৰকাশ কৰে কামাখ্যা প্ৰসাদ তাছাই ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।