ৰঙিয়াঃ ৰঙিয়াৰ মধুকুছিৰ বাসিন্দা ৰমেশ নাথৰ একমাত্ৰ পুত্ৰ নিপন নাথৰ ধেমাজি জিলাৰ চিচিবৰগাঁও আৰক্ষী চকীৰ কৰ্মৰত অৱস্থাত ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই সমগ্ৰ ৰঙিয়াতে শোকৰ ছাঁ পৰিছে। পৰিয়ালৰ ফালৰ পৰা নিপন নাথৰ মৃত্যুৰ বাবে আৰক্ষী থানাখনৰ অ'চি জগৰীয়া বুলি অভিযোগ কৰাৰ পিছত মৃত নাথৰ নিজ গাঁও মধুকুছি অঞ্চলৰ ৰাইজ আৰু সংস্কাৰক সংঘ আৰু পুথিভঁড়ালৰ তৰফৰ পৰা চিবিআইৰ তদন্তৰ দাবী কৰিছে। এনে এক পৰিবেশৰ মাজতে অঞ্চলটোৰ ৰাইজে ৰঙিয়া মহকুমাৰ সহকাৰী আয়ুক্ত কুমাৰ সুৰজিত বৰা, জয়ন্ত দাস, ৰঙিয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱাৰ উপস্থিতিত তদন্ত বিচাৰি প্ৰশাসনক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
নিপন নাথৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ লগতে পৰিয়ালটিক উপযুক্ত অৰ্থসাহায্য আৰু ভনীয়েক নিভা নাথক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ স্মাৰক পত্ৰত দাবী জনায়। উল্লেখ্য যে শনিবাৰে উপ-পৰিদৰ্শক নিপন নাথৰ নশ্বৰদেহ ঘৰলৈ আহি পোৱাৰ পিছতে জন্মস্থান মধুকুছিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পুৱা নিপন নাথৰ নশ্বৰদেহ নিজগৃহত আহি পোৱাত মধুকুছি আৰু সমীপৱৰ্তী অঞ্চলৰ হাজাৰ হাজাৰ লোকে ওলাই আহি প্ৰতিবাদত নামি পৰে। আৰক্ষীৰ উপ পৰিদৰ্শক নিপন নাথক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ বুলি দাবী তোলে স্থানীয় ৰাইজে। লগতে কৰ্মৰত চিচিবৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পদ্মেশ্বৰ বৰকটকীক অনতিপলমে গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে মধুকুছিৰ ৰাইজে।
আনকি উপ-পৰিদৰ্শক নিপন নাথৰ মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ কৰে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে পুৱতি নিশা নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰিছিল উপ পৰিদৰ্শক নিপন নাথে। এই ঘটনাৰ পিছতে মৃত নাথৰ পৰিয়ালে অভিযোগ তুলিছিল যে থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ বৰকটকীৰ মানসিক, আৰ্থিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি আত্মহননৰ পথ ল’বলৈ বাধ্য হয় উপ–পৰিদৰ্শক নিপন নাথে।
আনহাতে এই ঘটনাক লৈ শনিবাৰে মধুকুছিত স্থানীয় ৰাইজে পথ অৱৰোধ কৰাৰ উপৰি সকলো দোকান পোহাৰ স্বতঃস্ফুতভাৱে বন্ধ কৰি প্ৰতিবাদত নামি পৰে। ইয়াৰ মাজতে প্ৰতিবাদস্থলীত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে উপস্থিত হৈ নাথৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰাৰ উপৰি বিভাগীয়ভাৱে তদন্ত বা পৰিয়ালটিক সহায় সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত সামৰ্থ্য অনুযায়ী সকলো দিশতে সহায় কৰাৰ আশ্বাস দিয়ে। আনহাতে চিচিবৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি ন্যায়িক তদন্ত দিয়াৰ কথা উল্লেখ কৰে।