লংকাঃ যিটো সময়ত ৰাজ্যৰ গড়কাপ্টানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰা ঠিকাদাৰ-অভিযন্তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে তেনে সময়ত মন্ত্ৰীগৰাকীৰ এই তৎপৰতাকো কেৰেপ নকৰি একাংশ ঠিকাদাৰে চলাই আহিছে ব্যাপক লুণ্ঠন। তেনে এক ঘটনা পোহৰলৈ আহিছে হোজাই জিলাৰ লংকাত। লামডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলতলিৰ পৰা নখুটি সংযোগী একমাত্ৰ পকী পথছোৱাৰ মেৰামতিৰ বাবে ৰাজকোষৰ পৰা আবণ্টিত হৈছে বৃহৎ অংকৰ ধন।
পথটোৰ পকীকৰণৰ কাম ৬ দিন পূৰ্বে পূব উদালীত সম্পন্ন কৰা হৈছিল। কিন্তু পথছোৱা মেৰামতিৰ ৬ টা দিন পাৰ হওঁতেই চপৰা চপৰে উঠি গৈছে পকী অংশ। পথটোৰ মেৰামতিৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ক্ষোভিত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। পথটোৰ মেৰামতিৰ নামত নিম্নমানৰ সামগ্ৰীৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় মহিলাসকলেও গড়কাপ্টানি মন্ত্ৰী তথা ৰাজ্য চৰকাৰক এই পথটোৰ মেৰামতিৰ নামত চলি থকা দুৰ্নীতি ৰোধৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনায়।
এতিয়া ৰাজ্যৰ সবাতোকৈ সক্ৰিয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত দেখুৱাই অহা শূন্য সহনশীলতা নীতি ফুলতলি-নখুটি সংযোগী পথৰ মেৰামতিৰ নামত হৈ থকা দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবনে নাই সেয়া সময়তহে লক্ষ্যণীয় হ’ব।