গোলাঘাটৰ সত্ৰ আৰু ন্যায়ধীশৰ আদালতত কৃষক নেতা অখিল গগৈ

 09/01/2019 - 16:23

গোলাঘাটঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ দিনা গোলাঘাটৰ আদালত চৌহদত দেখা পোৱা গ’ল কৃষক নেতা অখিল গগৈক। এক গোচৰৰ সন্দৰ্ভত গোলাঘাটৰ সত্ৰ আৰু ন্যায়ধীশ আদালতত উপস্থিত হয় কৃষক নেতাগৰাকী। ২০১১ চনত কাজিৰঙাত উচ্ছেদক লৈ প্ৰতিবাদ কৰাৰ বাবে আৰক্ষী প্ৰশাসনে তিনিটাকৈ গোচৰ ৰুজু কৰিছিল অখিল গগৈৰ ওপৰত।

বোকাখাত আদালতত চলি থকা গোচৰটো পৰবৰ্ত্তী সময়ত গোলাঘাটৰ সত্ৰ আৰু ন্যায়ধীশ আদালতত প্ৰেৰণ কৰাত অখিল গগৈক চাৰ্চ ফ্ৰেমৰ কাৰণে উপস্থিত হয়। সেই সময়ত মিছা অভিযোগ দি আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ অখিল গগৈৰ লগতে অধিবক্তাগৰাকীৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।