09/01/2019 - 17:05
in
ধুবুৰীঃ ধুবুৰী জিলাৰ ভাষানীচৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী সদস্য সদস্যাকে ধৰি প্ৰায় তিনি শতাধিক ৰাইজে বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান। দেওবাৰে নিউঘাট অঞ্চলত দিনৰ ১১ বজাত বিজেপি দলৰ ধুবুৰী জিলা সমিতিৰ কৰ্মীসকলৰ লগত এখন পৰিচয় পৰ্ব সভা অনুষ্ঠিত হয়।
উক্ত সভাখনত জিলা কমিটীৰ সভাপতি ডাঃ দেবময় শান্নালে ব্যাক্ত কৰে, ভাষানীচৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী হামিদা খাতুনৰ লগতে সদস্য সদস্যা সকলে বিগত এমাহ পূৰ্বতেই বিজেপি দলত যোগদান কৰিছে। দেওবাৰে পৰিচয় পৰ্ব সভাৰ জৰিয়তে অনাগত দিনত পঞ্চায়ত খনৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভাষন প্ৰধান কৰি পিছত ভাষানীচৰ গাঁও পঞ্চায়তৰ ৰাইজক অশেষ ধন্যবাদ জনায়। লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ হৈ মনোযোগেৰে কাম কৰিবলৈ বিজেপি দলত যোগদান কৰা সদস্য সদস্যাকে ধৰি ৰাইজৰ আহ্বান জনায়।