এনআৰচি তালিকাৰ পৰা বাদ পৰিল দুই পৰিয়ালৰ ভাৰতীয় সেনা বাহিনীত কৰ্মৰত ৩ জোৱান

 09/01/2019 - 17:43

কলগাছিয়াঃ সদ্য ঘোষিত এনআৰচি তালিকাত ভাৰতীয় সেনা বাহিনীৰ কৰ্মৰত ৩ জোৱান আৰু পৰিয়ালৰ সদস্য বৰ্গৰ নাম বাদ পৰা ঘটনাই এক জটিল প্ৰশ্নৰ সৃষ্টি কৰিছে। কলগাছিয়াৰ সৰুহৰিদ গাঁৱৰ দুই পৰিয়ালৰ কাহিনী। জানিব পৰা মতে পৰিয়ালটোৰ সদস্য শ্বহিদুল ইছলাম, দেলবৰ হুছেইন আৰু মিজানুৰ আলী তিনিজনকৈ ভাই-ককাইয়ে ভাৰতীয় সেনাত কৰ্মৰত। পিতৃ আব্দুল হামেদৰ নামত LDC 12000208806 যুক্ত এনআৰচি আৰু মাতৃ খদেজা বেগমৰ নামত LDC 12030305062 নম্বৰৰ ১৯৭০ চনৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট আছে।

উল্লেখযোগ্য যে এনআৰচিৰ প্ৰথম খন খচৰাত পৰিয়ালটোৰ সমূহ সদস্যৰে নাম অন্তৰ্ভুক্ত হৈছিল যদিও চূড়ান্ত খচৰাত FT গোচৰৰ অজুহাতত পৰিয়ালৰ আটাইৰে নাম কৰ্তন কৰে। আইনী সংগ্ৰামত মাতৃসহ আটাইকেইজন ভাতৃয়ে ভাৰতীয় নাগৰিকৰ প্ৰমাণ পত্ৰ পালে। আনকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সীমান্ত বিভাগৰ ৰাজনৈতিক সচিব নিৰঞ্জন বৰুৱাই আৰ্মীৰ কোমাণ্ডিং অফিচাৰ কৰ্নেল হৰি কে নাইৰলৈ পত্ৰ প্ৰেৰণ কৰি পৰিয়ালটোৰ সমূহ সদস্যৰ ভাৰতীয় নাগৰিকৰ প্ৰমাণ পত্ৰ দিলে। কিন্তু এই যাৱতীয় প্ৰমাণ পত্ৰসহ claim কৰাৰ পিছতো শ্বহিদুল ইছলামৰ নামটো এনআৰচি কৰ্তৃপক্ষই গ্ৰহণ কৰিছে যদিও মাতৃ আৰু দুই সেনা ভাতৃসহ পৰিয়ালৰ ৫ জনকৈ সদস্যৰ নাম গ্ৰহণ কৰা নাই।

ইপিনে একে গাঁৱৰে আজিত আলী নামৰ আন এজন সেনা জোৱানসহ পৰিয়ালটোৰ ককায়েক আব্দুচ চবুৰ পৰামানিকৰ LDC 20000088811 যুক্ত এনআৰচি জমা দিয়া সত্ত্বেও কোনো ধৰণৰ জাননী নিদিয়াকৈ পৰিয়ালৰটোৰ ৬ জনকৈ সদস্যৰ নাম এনআৰচিৰ পৰা বাদ পৰাৰ অভিযোগ উঠিছে। প্ৰকৃত ভাৰতীয় নাগৰিকৰ প্ৰমাণ পত্ৰ পোৱাৰ পিছত সেনা বাহিনীত কৰ্মৰত আজিত আলী আৰু পৰিয়াল বৰ্গৰ নাম এনআৰচিত অন্তৰ্ভূক্ত কৰিবলৈ ভুক্তভোগীয়ে কৰ্তৃপক্ষক দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।