বিজনীঃ বঙাইগাঁৱৰ গৰাইমাৰীত ড্ৰাগছ ব্যৱসায়ীৰে জৰিত মহিলাসহ এজন যুৱকক ৰাইজে আৰক্ষীক গটাই দিয়ে। স্থানীয় মমতাজ বেগম নামৰ মহিলা এগৰাকীয়ে গৰাইমাৰী বজাৰত থকা কাপোৰৰ দোকানৰ পৰা গোপনে ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে। দেওবাৰে মহিলাগৰাকীৰ পৰা বিজনীৰ বিশ্ব মহোত্ব নামৰ যুৱক এজনে ড্ৰাগছ ক্ৰয় কৰাৰ বাবে বজাৰত উপস্থিত হোৱাৰ সময়তে স্থানীয় ৰাইজে হাতে লোটে কৰায়ত্ত কৰে।
মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ। আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে ড্ৰাগছৰ কাৰবাৰ অব্যাহত ৰখাত ক্ষুব্ধ হৈ পৰে ৰাইজ। দেওবাৰে বিজনীৰ যুৱকজনক স্থানীয় ৰাইজে অনুসৰণ কৰি হাতে লোটে কৰায়ত্ত কৰে। পিছত ৰাইজে মহিলাগৰাকীৰ লগতে যুৱকজনক গৰাইমাৰী আৰক্ষী চকীত গোটাই দিয়ে। গেৰুকাবাৰী আৰক্ষী চকীৰ সন্মুখতে থকা গৰাইমাৰী বজাৰত ড্ৰাগছ ব্যৱসায়ী ঘাটি পাতি ব্যৱসায় অব্যাহত ৰখাৰ পিছতো ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। ৰাইজে যুৱকজনৰ পৰা খালী কন্টেনাৰ এটা জব্দ কৰিবলৈ সক্ষম হয়।