ৱাইনাডত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ মনোনয়ন দাখিল

 04/04/2019 - 16:13

ডিজিটেল ডেস্কঃ কেৰালাৰ ৱাইনাডত মনোনয়ন দাখিল কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে। আজি পুৱাই ভগ্নী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সৈতে হেলিকপ্টাৰেৰে ৱাইনাড সমষ্টিত মনোনয়ন দাখিলৰ বাবে উপস্থিত হৈছিল কংগ্ৰেছ অধ্যক্ষগৰাকী।

সংসদীয় সমষ্টিটোত মনোনয়ন দাখিলৰ পাছতেই তেওঁ অংশ লয় ৰ’ড শ্বত। ৰাহুল গান্ধীয়ে ৰ’ড শ্ব’ৰেও লগায় চমক। ৰ’ড শ্ব’ত অগণন কংগ্ৰেছ সমৰ্থকৰ ভিৰ পৰিলক্ষিত হয়। ভগ্নী প্ৰিয়ংকা গান্ধীয়েও ৰাহুল গান্ধীক ৰ’ড শ্ব’ত সংগ দিয়ে। হাত জোকাৰি বিশাল জনসমাবেশ অভিবাদন গ্ৰহণ কৰে ৰাহুল গান্ধীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।