নিৰ্বাচনী প্ৰচাৰত ব্যস্ত চৰকাৰী বিদ্যালয়ৰ শিক্ষক

 04/04/2019 - 16:26

লাহৰীঘাট: সমাগত লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ 'আকৌ এবাৰ মোডী চৰকাৰ' শ্ল'গানেৰে বজাৰত মাইক্ৰ'ফোন হাতত লৈ নিৰ্বাচনী প্ৰচাৰত নামিল চৰকাৰী বিদ্যালয়ৰ এজন শিক্ষক।

মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত ঔতলাবড়ী এম ই মাদ্ৰাছাৰ শিক্ষক কমৰুল হুচেইনে নগাঁও লোকসভাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। শিক্ষকগৰাকীয়ে টেঙাগুৰি বজাৰৰ মাজ মজিয়াত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়ে।

শিক্ষকগৰাকীয়ে এনেদৰে ৰাজহুৱা স্থানত মাইক্ৰ'ফোন হাতত লৈ ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ চলোৱাটো যুক্তিসংগত নহয় বুলি এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। নিৰ্বাচন আয়োগে এনে শিক্ষকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে সেয়া হ'ব লক্ষ্যণীয়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।