ৰঙাপৰাঃ আজি তেজপুৰত শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰনৰ উদ্যোগত ভূপেন হাজৰিকা কলাভুমি প্ৰেক্ষাগৃহত বিদ্যালয়ভিত্তিত এক আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হৈ য়ায়। তেজপুৰৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰতিযোগিতাখনত মুঠ ২২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ।মাজত ছেণ্ট যোছেফ কনভেণ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ভায়লীনা ভৰালীয়ে প্ৰথম, একেখন বিদ্যালয়ৰে অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰদালী শইকীয়াই দ্বিতীয় আৰু গভৰ্ণমেণ্ট বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীত ছাত্র বেদব্ৰত বৰাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।
শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰনৰ সচিব মৃদু চন্দা বৰদলৈৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখন পৰিচালনা কৰে জান বৰাই। শোণিতপুৰ জিলা ন্যায়ধীস ইন্দিৰা বৰ্মণে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত অতিৰিক্ত জিলা ন্যায়াধীশ ৰমেন বৰুৱা আৰু অতিৰিক্ত উপায়ুক্ত কে কে শৰ্মাই অংশগ্ৰহণ কৰে। হেমন্ত কুমাৰ বৰুৱা, ড: ভূপেন শইকীয়া আৰু অশোক মণ্ডলে আজিৰ বক্তৃতা প্ৰতিযোগিতাৰ বিচাৰকৰ কাৰ্য্য সমাধা কৰে।