নগাঁৱৰ বৰক’লাত শ্ৰীগুৰু গ্ৰন্থ চাহিবজীৰ প্ৰকাশ উৎসৱ উদযাপন

 09/01/2019 - 20:43

বটদ্ৰৱাঃ অসমীয়া শিখসকলৰ সৰ্ববৃহৎ বসতিস্থল নগাঁও জিলাৰ বৰক’লাত শিখসকলৰ পবিত্ৰ ধৰ্ম গ্ৰন্থ শ্ৰীগুৰু গ্ৰন্থ চাহিবজীৰ প্ৰকাশ উৎসৱটি বিগত পোন্ধৰ বছৰে নিয়মীয়াকৈ উদযাপিত কৰি অহা হৈছে৷ তদ্ৰুপ পূৰ্বৰ ক্ৰম ৰক্ষা কৰি এইবাৰো দহটি শ্ৰীগুৰু গ্ৰন্থ চাহিবজীৰ পবিত্ৰ অখণ্ড পাঠেৰে যোৱা ২০ আগষ্টৰ পৰা তেৰ দিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে এই উৎসৱটি বৰক’লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰ চাহিবত উদযাপন কৰা হয়৷ বৰক’লাৰ সমূহ শিখ সংগতৰ সহযোগত বেছ উলহ-মালহেৰে আয়োজিত এই উৎসৱ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা শিখ সমাজৰ লোকসকলৰ উপস্থিতিৰে উৎসৱস্থলীত একপ্ৰকাৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয়৷

যোৱা ২০ আগষ্টৰ পৰা দহটি অখণ্ড পাঠেৰে শুভাৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে আশা-দি-ৱাৰ কীৰ্তন পৰিবেশন কৰা হয়৷ ইফালে উক্ত উৎসৱৰ ১ ছেপ্টেম্বৰৰ অন্তিম দিনা পুৱা ৯ বজাত শ্ৰীগুৰু গ্ৰন্থ চাহিবজীৰ অন্তিম পবিত্ৰ অখণ্ড পাঠৰ সমাপ্তিৰ পিছতে জলযোগ, সম্বৰ্ধনা আৰু দীৱান(ধৰ্মালোচনী)সভা অনুষ্ঠিত কৰা হয়৷ শিখ সংগত, বৰক’লাৰ সভাপতি চতৰ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ অঞ্চল তথা বিদ্যালয়লৈ গৌৰব কঢ়িয়াই অনা বৃহত্তৰ বৰক’লা অঞ্চলৰ শিখ আৰু আন সম্প্ৰদায়ৰ ডেৰ কুৰিৰো অধিক মেধাবী ছাত্ৰ-ছাত্ৰীৰ লগতে অবিভক্ত নগাঁও জিলাৰ শিখ সম্প্ৰদায়ৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়৷

শিখ সংগত, বৰক’লাৰ সম্পাদক প্ৰতাপ সিঙে আঁত ধৰা এই সভাতে শ্ৰীগুৰু গ্ৰন্থ চাহিবজীৰ প্ৰকাশ উৎসৱৰ লগত সংগতি ৰাখি প্ৰতাপ সিঙৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা মুখপত্ৰখনি আনুষ্ঠানিকভাবে উন্মোচন কৰে সাহিত্য পেঞ্চনপ্ৰাপ্ত বিশিষ্ট কবি, সাহিত্যিক মনজিৎ সিং আৰু জ্যেষ্ঠ সাংবাদিক ৰাজবীৰ সিঙে৷ সভাত বিশিষ্ট অতিথিৰূপে বিধায়কদ্বয় ৰূপক শৰ্মা আৰু ডিম্বেশ্বৰ দাসৰ লগতে সমাজ সংগঠক গুৰমুখ সিং, ললিত সিং, শ্যাম সিং, ৰঞ্জু সিং, দৰবাৰ সিং, কৰ্ত্তাৰ সিং, টংকেশ্বৰ দাস, জাজৰি প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত মুদৈ, বেবেজীয়া প্ৰেছ ক্লাবৰ সম্পাদক প্ৰাঞ্জল বৰদলৈ, সমাজকৰ্মী ঘন দাস, ধৰণী ভৰালী, যুগ প্ৰসাদ বৰদলৈ, সীমা দাসকে প্ৰমুখ্য কৰি বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ বিয়লি অনুষ্ঠিত হোৱা গুৰু-কা-লংগৰ দ্বাৰা ১৩ দিনীয়া এই প্ৰকাশ উৎসৱৰ সফল সামৰণি পেলোৱা হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।