ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত দেশী জনগোষ্ঠী মঞ্চৰ সংবাদমেল

 09/02/2019 - 14:20

নগৰবেৰাঃ কেৱল মুছলমান হোৱা বাবেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নাহিল ৩০ হাজাৰ দেশী জনগোষ্ঠী লোকৰ। ই দুৰ্ভাগ্যজনক। বকোৰ বালিঝাৰত দেওবাৰে দেশী জনগোষ্ঠী মঞ্চৰ সভাপতি হেদায়েৎ উল্লাহে এক সংবাদমেলৰ আয়োজন কৰি এই তথ্য প্ৰকাশ কৰাৰ লগতে তীব্ৰ সমালোচনা কৰে ৰাজ্য চৰকাৰ আৰু এনআৰচি কৰ্তৃপক্ষক। শেষ পৰ্যায়ত মাত্ৰ ১২ ঘণ্টা সময় দি বকোৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শ শ দেশী জনগোষ্ঠী লোকক শুনানিৰ বাবে উজনি অসমৰ বিভিন্ন জিলালৈ মাতি পঠিয়াইছিল আৰু এই সকল লোক নিৰ্ধাৰিত সময়ত গৈ সকলো নথি পত্ৰ দেখুৱায়।

কিন্তু তাৰ পিছতো এই অঞ্চলৰ শ শ বৈধ ভাৰতীয় নাগৰিকৰ নাম নাহিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সংযোজিত তালিকাত। চৰকাৰ তথা এনআৰচি কৰ্তৃপক্ষলৈ পোনপটীয়া প্ৰশ্ন সংগঠনটোৰ নেতাসকলৰ৷ কেৱল মুছলমান হোৱাৰ বাবেই পৰিকল্পিতভাৱে বাদ হ’ল নেকি তেওঁলোকৰ নাম৷

এনআৰচি কৰ্তৃপক্ষই ষড়যন্ত্ৰ পৰিহাৰ কৰি FT কোৰ্টৰ পৰিৱৰ্তে এই সকল লোকৰ পুনৰ শুনানিৰ ব্যৱস্থা কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে। ধুবুৰীৰ পৰা শদিয়ালৈ যিসকল দেশী জনগোষ্ঠীৰ লোকে চুবুৰীয়া মেঘালয়, মনিপুৰ আদি ৰাজ্যৰ জীয়ৰিক বিয়া কৰাই আনিছে তেওঁলোকৰ নামো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভূক্ত কৰিবলৈ দাবী জনাইছে দেশী জনগোষ্ঠী মঞ্চই। সংবাদ মেলত মঞ্চৰ উপদেষ্টা খয়াৰ আলীও উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।