কাব্যকানন ধেমাজি লক্ষীমপুৰ জিলা সমিতিৰ সাধাৰন সভা ও কবি সন্মিলন

 09/02/2019 - 14:28

গোগামুখঃ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ধেমাজি, লক্ষীমপুৰ জিলা কাব্য কাননৰ উদ্যোগত আৰু গোগামুখ মহাবিদ্যালয়ৰ সহযোগত ৰবিবাৰে এখনি সাধাৰন সভা আৰু কবি সন্মিলন গোগামুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়৷ এই সাধাৰণ সভাতে কাব্যকানন ধেমাজি, লক্ষীমপুৰ জিলা সমিতিৰ নৱীকৰন কৰে৷ নৱনিৰ্বাচিত সভাপতি ৰমেশ কুমাৰ কাকতি, সম্পাদক বিশ্বজিৎ গগৈক লৈ ২৫ জনীয়া জিলা সমিতিখন পূৰ্ণাঙ্গ ৰূপত গঠন কৰে৷

কাব্য কাননৰ আগন্তক দিনত কৰণীয় কৰ্ম ওপৰত বিষদভাৱে আলোচনা কৰা হয়৷ সদৌ অসম কাব্য কাননৰ তৃতীয় বছৰৰ প্ৰথমখন অধিবেশন লক্ষীমপুৰ জিলাৰ এল টি কে মহাবিদ্যালয়ত ৩ অক্টোবৰত অনুষ্ঠিত কৰিবলৈ প্ৰস্তাব গ্ৰহণ কৰা হয়৷ সাধাৰন সভাৰ পিছতে ধেমাজি লক্ষীমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ কুৰি গৰাকী কবিয়ে নিজা নিজা কবিতা আবৃত্তি কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।