09/02/2019 - 14:36
in
দেৰগাঁৱঃ বিগত ২০১৮ বৰ্ষৰ ৫ ছেপ্তেম্বৰত দেৰগাঁৱৰ এজন আছু নেতা পংকজ প্ৰতিম দত্তই নিষিদ্ধ সংগঠন আলফাত যোগদান কৰি চাঞ্চল্যৰ সৃষ্টি কৰে৷ আনহাতে আলফাত যোগদানৰ পিছতে তেওঁ ছ’চিয়েল মিডিয়াত সশস্ত্ৰ ৰূপত থকা অৱস্থাৰ video এৰি দিয়ে আৰু সমগ্ৰ অসমতে ভাইৰেল হৈ পৰা এই Video টোৱে ব্যাপক খলকনিৰ সৃষ্টি কৰিছিল ৷
আজি বিয়লি প্ৰায় ৪ বজাত তেওঁৰ এটি ফোন কল পাই তেওঁৰ খুৰাক অজিত চন্দ্ৰ দত্তই ৷ দেৰগাঁও সাহিত্য সভাৰ সভাপতি তথা পংকজৰ খুৰাক অজিত চন্দ্ৰ দত্তই জনোৱা অনুসৰি নাগালেণ্ডৰ মনজিলা থানাৰ পৰা তেওঁলৈ তাৰ অ’চি ৰ ম’বাইলৰ পৰা পংকজে ফোন মাৰি দুজন সতীৰ্থসহ শনিবাৰে আত্মসমৰ্পণৰ কথা অবগত কৰে৷