চামগুৰিঃ নগাঁও চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ কাষৰীগাঁৱত কলঙৰ ওপৰত থকা তথা চামগুৰি, ৰূপহীহাট আৰু বঢ়মপুৰ সমষ্টিৰ সংযোগ স্থলত থকা এখন বিধ্বস্ত দলঙৰ বাবে এতিয়া দুৰ্ভোগ ভুগিব লগীয়া হৈছে দলং খনৰ ওপৰেদি নিতৌ পাৰ হোৱা বৃহত্তৰ অঞ্চল কেইটাৰ সহস্ৰাধিক পথচাৰী, স্কুল-কলেজৰ কণমানি ছাত্ৰ-ছাত্ৰীৰ পৰা আদি কৰি বহু সংখ্যক যুৱক-যুৱতীয়ে। বিগত প্ৰায় দহ বছৰ ধৰি অতি গুৰুত্বপূৰ্ণ কাঠৰ দলংখনৰ দুৰৱস্থাৰ বিষয়ে তিনি সমষ্টিৰে স্থানীয় জনপ্ৰতিনিধিক অৱগত কৰি-কৰি কোনো সুফল নোপোৱাত এতিয়া সেই সকল জননেতাৰ বিৰুদ্ধে চৰম ক্ষোভ উজাৰিছে দুয়ো পাৰৰ স্থানীয় ৰাইজে।
ৰেলিংবিহীন দলংখনৰ পুৰণি কাঠ পচি বৃহৎ বৃহৎ ফাক সৃষ্টি হোৱাত অতি বিপদসঙ্কুল হৈ পৰিছে দলংখন। দলংখনৰে পাৰ হ'ব খোজোতেই কেইবাটাও সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আঘাতপ্ৰাপ্ত হৈছে বহু সময়ত বহু কেইজন লোক। সেই বাবেই উপায়বিহীন স্থানীয় ৰাইজে জননেতাৰ প্ৰতি থকা চূড়ান্ত ক্ষোভ-অসন্তুষ্টিৰ পিছতো নিজেই মেৰামতি কৰি আহিছে জৰাজীৰ্ণ কাঠৰ দলংখন। প্ৰতি বছৰৰ দৰে এইবাৰো স্থানীয় একাংশ যুৱকে নিজা তৎপৰতাত তথা ৰাইজৰ সহযোগিতাত প্ৰখৰ ৰ'দকো নেওচি বাঁহেৰে অস্থায়ীভাবে পুনৰ মেৰামতিৰ ব্যৱস্থা কৰে।