কাকপথাৰৰ কুমচাং চাহ বাগিচাত চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদী কাৰ্যসূচী

 09/02/2019 - 15:32

কাকপথাৰঃ চাহ কৰ্মচাৰী সংঘ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি কুমচাং শাখা চাহ কৰ্মচাৰী সংঘই কুমচাং চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী পালনেৰে উত্তাল কৰি টোলে বাগিছাখনৰ চৌদিশ৷ পুৱা ছয় বাজি ত্ৰিশ মিনিটৰ পৰা সাত বজালৈ চাহ বাগিচাখনৰ সকলো কৰ্মচাৰীয়ে ধৰ্ণা দি প্ৰতিবাদ সাব্যস্ত কৰে৷ কৰ্মচাৰীসকলে মালিক পক্ষই তেওঁলোকক কৰি অহা প্ৰবঞ্চনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে৷ তেওঁলোকৰ অভিযোগ অনুসৰি পে স্কেল ৰিভাৰ্ইছৰ মতে ২৫ মাৰ্চ ২০১৬ ৰ পৰা ৩১মাৰ্চ ২০১৮ লৈ হোৱা চুক্তিৰ ম্যাদ উকলি যোৱা ১৭ মাহ হ’ল যদিও তেতিয়াৰ স্কেলতে দৰমহা তথা অন্যান্য সা-সুবিধাসমূহ চলি থকাটো আশ্বৰ্য্যকৰ বুলি ক্ষোভ ব্যক্ত কৰে৷

অসম চাহ কৰ্মচাৰী সংঘই ইতিমধ্যে যোৱা ২৯ আগষ্টত ৰাজ্যৰ সকলো চাহ বাগিচাৰ মালিক পক্ষক স্মাৰকপত্ৰৰ যোগেদি বিষয়টো অবগত কৰিছিল যদিও কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে৷ অসম চাহ কৰ্মচাৰী সংঘই আজিৰে পৰা তিনিদিনীয়াকৈ এই আধা ঘণ্টীয়া ধৰ্মঘট, অহা ৯ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ আবেলি চাৰি বাজি ত্ৰিছ মিনিটৰ পৰা পাঁচ বজালৈ আকৌ আধা ঘণ্টীয়া ধৰ্মঘট, ১৬ ছেপ্টেম্বৰত পোষ্টাৰিং, ১৭ ছেপ্টেম্বৰত কৰ্মবিৰতি আৰু ২৬ ছেপ্টেম্বৰত অবিৰত অনশন কাৰ্যসূচী লোৱা হ’ব বুলি জানিবলৈ দিয়ে কুমচাং শাখাৰ সম্পাদক বিপ্লৱ জ্যোতি বৰুৱাই৷

উল্লেখ্যে যে চাহ বাগিচাৰ মালিক পক্ষই অতীতৰে পৰা বাগিচাসমূহৰ কৰ্মচাৰীসকলক প্ৰবঞ্চনা কৰি অহাৰ বাতৰি সৰ্বজনবিদিত৷ অসম চাহ কৰ্মচাৰীসকলৰ এনে ধৰণৰ প্ৰতিবাদক মালিকপক্ষই কিমান গুৰুত্ব প্ৰদান কৰে সেইয়া হ'ব লক্ষ্যণীয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।