ওৰাঙত এনআৰচিত নিজৰ নাম নেদেখি আত্মহত্যাৰ চেষ্টা এজনৰ

 09/02/2019 - 16:54

ওৰাংঃ সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ওৰাঙৰ ভৈৰাগুৰি গাঁৱৰ মইনুল ইছলাম নামৰ লোকজনৰ পৰিয়ালৰ নাম এনআৰচিৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱাত মানসিকভাৱে ভাগি পৰিছে পৰিয়ালটোৱে। কাৰণ মইনুল ইছলামৰ ককাক আৰু দেউতাকৰ আছে ভাৰত স্বাধীন নোহোৱাৰ আগৰ মাটিৰ নথি পত্ৰ।

১৯৩৮- ১৯৪৮ চনৰে নথি পত্ৰবোৰ থকাৰ পাছতো কি কাৰণত এনআৰচিত নাম অন্তৰ্ভুক্ত নহ’ল তাক লৈ এতিয়া চিন্তাত পৰিছে লোকজন। ২০০১ চনৰ পৰাই মইনুল ইছলামে নতুন পাম গাঁও পঞ্চায়তৰ সদস্য হৈ আছে। অকল ইমানেই নহয় এনআৰচি প্ৰকাশৰ দিনা লোকজনে লাজে অপমানে আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’বলৈ ওলাইছিল। পিছত সাংবাদিকৰ বুজনিত হে পৰিহাৰ কৰে লোকজনে।

ভাৰত স্বাধীন নোহোৱাৰ আগৰ দুশৰো অধিক মাটিৰ নথি পত্ৰ আছে লোকজনৰ হাতত। ইমানবোৰ নথি পত্ৰ থকাৰ পিছত তেওঁৰ পৰিয়ালৰ নাম বাদ পৰাক লৈ শংকিত হৈ পৰিছে এতিয়া লোকজন।খিলঞ্জীয়াৰ নাম অন্তৰ্ভুক্ত নোহোৱা এনআৰচিৰ ওপৰত এক শতাংশও বিশ্বাস নাই লোকজনৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।