চিকিৎসক দেবেন দত্তৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদ

 09/02/2019 - 17:10

যোৰহাটঃ টীয়ক চাহ বাগিছাৰ চিকিৎসালয়ত ৩১ আগষ্টত সংঘটিত হোৱা বৰ্বৰ ঘটনাই কপাই তুলিছে সমগ্ৰ ৰাজ্য ৷ যোৰহাট আৰক্ষীয়ে দেওবাৰে এই ঘটনাৰ লগত জড়িত ২১ জন লোকক আটক কৰে ৷ তেনে সময়তে সোমবাৰে পুনৰ যোৰহাট আৰক্ষীয়ে ৫ জন অভিযুক্তক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ইতিমধ্যে অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে জিলা উপায়ুক্তই সমগ্ৰ বিষয়টো দণ্ডাধীশ পৰ্যায়ত তদন্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। দোষীৰ উচিত শাস্তিৰ দাবীত সোমবাৰে যোৰহাট ডাক্তৰ ফেডাৰেচনে এক প্ৰতিবাদী মৌন সমদল উলিয়াই । চিকিৎসকৰ ওপৰত হোৱা নিৰ্যাতন বন্ধ কৰক আদি দাবী সম্বলিত প্লে কাৰ্ডলৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।