04/04/2019 - 17:41
in
গুৱাহাটী: ৪0 বছৰৰ ভিতৰত সৰ্বাধিক নিবনুৱা সমস্যাৰ সৃষ্টিৰ অভিলেষ গঢ়িলে মোডী চৰকাৰে। বৃহস্পতিবাৰে গান্ধীবস্তীস্থিত কাৰ্যালয়ত আয়োজিত সংবাদমেলত এই মন্তব্য কৰে অখিল গগৈয়ে।
বছৰি ২ কোটি টকাকৈ নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল মোডী চৰকাৰে। কিনত্ত নিজৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হ'ল মোডী।
আনহাতে, বিমুদ্ৰাকৰণৰ ফলত ১ কোটি ২৭ লাখ লোকৰ বাতিল হৈছিল কৰ্মসংস্থাপন। তাৰ উপৰি, অখিলে সাংবাদিকক জনোৱা মতে, এনএছএছঅ'ৰ সমীক্ষাতো প্ৰকাশ পাইছে মোডীৰ এই ভুৱা প্ৰতিশ্ৰুতি।
যুৱক-যুৱতীসকলৰ ভাল দিন নাহিল, নিবনুৱা সমস্যা বৃদ্ধিহে পালে বুলিও মন্তব্য কৰে অখিলে।