ৰাজ্যজুৰি ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ বিক্ষোভ

 09/02/2019 - 17:17

শিৱসাগৰঃ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিয়ে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। সাম্প্ৰতিক সময়ত দেশত দেখা দিয়া আৰ্থ-ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিত ৰাইজে ভোগ কৰা সমস্যাক গুৰুত্ব দি এই সমূহ সমস্যা সমাধানৰ বাবে বিক্ষোভ কাৰ্যসূচী পালন কৰে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিয়া, চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি ধাৰ্য কৰা, স্বামীনাথন আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰা, টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, শিক্ষাৰ বাণিজ্যকৰণ আৰু সাম্প্ৰদায়িকৰণ বন্ধ কৰা আদিকে ধৰি ২০ ট দাবী পূৰণৰ অৰ্থে এই ধৰ্ণা-বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।