বৰপেটাঃ যোৱা শনিবাৰে আবেলি টীয়ক চাহবাগানৰ হাস্পতালত চিকিৎসক ডাঃ দেবেন দত্তক এচাম মানৱসদৃশ দানবে যিধৰণে অত্যাচাৰ কৰি হত্যা কৰিলে তাৰ প্ৰতিবাদত বৰপেটাস্থিত ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ছাত্র একতা সভা আৰু শিক্ষক সংস্থাই ৰবিবাৰে ক’লা বেজ পাৰিধান কৰি মমবাতি জ্বলাই মৌন সমদল কৰি প্ৰতিবাদ জনায়। ৭৩ বছৰ বয়সৰ এজন লোকে অৱসৰৰ পিছত জিৰণীৰ জীৱন নকটাই এজনৰ জীৱন বচাবলৈ আগবাঢ়ি গৈছিল। সেই ভগৱান সদৃশ ডাক্তৰজনক অমানুষিক অত্যাচাৰ কৰি হত্যা কৰা হ'ল।
দুমাহৰ আগতে কলকতাত ৮৫ বছৰীয়া ৰোগীৰ মৃত্যুত চিকিৎসকক উন্মাদ জনতাৰ নৃশংস প্ৰহাৰ, তিনিমাহৰ আগত ডিকম চাহবাগিচাত জনতাৰ প্ৰহাৰত আই চি ইউত চিকিৎসক, দুমাহৰ আগত পাঞ্জাবৰ কাৰ্ণালত ৰোগীৰ অভিভাৱকৰ গুলীত বিশিষ্ট চিকিৎসক নিহত হয়। এই জঘন্য ঘটনাই দেশখনৰ চিকিৎসা ক্ষেত্ৰখনক ভয়াবহ দিশলৈ লৈ গৈছে। যিকোনো ভুৱা অভিযোগ মন গ’লেই কাৰোবাৰ ওপৰত জাপি দি এচামক ওচটাই ৰাজহুৱা স্থানত মানুহ এজনক হত্যাৰ পৰিবেশ ইতিমধ্যেই গঢ় লৈ উঠিছে। চিকিৎসক এজন ইয়াৰ বাবে চফ্ট টাৰ্গেট হৈ পৰিছে, অভিযোগ এটাই ভগবান হ’ব নোৱৰাৰ।
এইদৰে নিজৰ ক্ষোভ উজাৰি ছাত্ৰ আৰু চিকিৎসকসকলে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনায়। ডাঃ দেবেন দত্তৰ এনে বিয়োগত মৰ্মাহত হৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনৰ আহ্বানত জনোৱা কৰ্মবিৰতিত সম্পূৰ্ণ সমৰ্থন জনাই এই দুদিন চিকিৎসা সেৱাৰ পৰা বিৰত থাকিব বুলিও জনাই চিকিৎসা মহাবিদ্যালয়খনৰ ছাত্ৰ আৰু চিকিৎসকসকলে। মানৱতা অকল চিকিৎসকৰ পৰাই আশা কৰা উচিত নহয়। সমাজৰো সংশোধন হোৱা উচিত বুলি দাবী কৰি চিকিৎসকসকলৰ নিৰাপত্তা দাবী কৰে আৰু এই বৰ্বৰ হত্যাকাণ্ডৰ দোষীসকলক অতি সোনকালে দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনায়। লগতে পৰিয়ালবৰ্গলৈ উপযুক্ত ক্ষতিপূৰণ দিবলৈও চৰকাৰৰ ওচৰত দাবী জনায়।