ঘুৰণীয়া বিলত আঠুৱা জালেৰে মাছ নিধন দুষ্কৃতিকাৰীৰ

 09/02/2019 - 18:16

খোৱাংঃ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত ঘুৰণীয়া বিলত কেইজনমান ব্যক্তিয়ে নিষেধাজ্ঞা থকা পিছতো আঠুৱা জাল ব্যৱহাৰ কৰি মাছ নিধন যজ্ঞ চলোৱাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অঞ্চলটোত । গুৰু গোসাঁই নমনা কেইজনমান ব্যক্তিয়ে প্ৰতি দিনে চলাই গৈছে এই কাৰ্য। স্থানীয় ৰাইজে মীন বিভাগক বাৰম্বাৰ বিষয়টো অৱগত কৰে যদিও বিভাগে কোনো গুৰুত্ব নাই বুলি অভিযোগ উঠিছে ।

ৰাজহুৱা হিচাপে থকা বিলখন সংৰক্ষণৰ বাবে চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। স্থানীয় কেইজনমান সচেতন ব্যক্তিয়ে বিলখন সংৰক্ষণৰ ক্ষেত্ৰত বহু ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে । কিন্তু কেইজনমান উদণ্ড ব্যক্তিয়ে তেওঁলোকৰ কথা কৰ্ণপাত নকৰি আঠুৱা জালেৰে বিলখনত থকা সৰু বৰ সকলো মাছ ধৰি নিঃশেষ কৰি পেলাইছে । ইফালে চৰকাৰৰ মীন বিভাগ তথা জিলা প্ৰশাসনে এই ব্যক্তি কেইজনৰ ওপৰত সময় থাকোতেই ব্যৱস্থা গ্ৰহণ নকৰিলে এটা সময়ত বিলখন ধ্বংসৰ দিশলৈ গতি কৰিব বুলিও আশংকা ব্যক্ত কৰিছে সচেতন মহলে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।