দেৰগাঁৱৰ ঐতিহাসিক নেঘেৰিটিং শিৱদলৰ সমীপত উচ্ছেদ অভিযান

 09/02/2019 - 19:31

দেৰগাঁওঃ দেৰগাঁৱৰ ঐতিহাসিক নেঘেৰিটিং শিৱদলৰ সমীপতে থকা ঐতিহাসিক পুখুৰীটোলৈ যোৱা পদপথৰ কাষত অবৈধভাবে গঢ় লৈ উঠা দোকান, ঘৰ, ব্যৱসায় প্ৰতিষ্ঠান আজি উচ্ছেদ অভিযান চলোৱা হয়। দেৰগাঁও চক্ৰ বিষয়াৰ নেতৃত্বত চলা এই অভিযানত দেৰগাঁও আৰক্ষী প্ৰশাসন স্থানীয় ৰাইজে সহযোগ কৰে।

উল্লেখ্য যে বিগত বহু বছৰ ধৰি উক্ত পথটোৰ কাষত এই অবৈধ গৃহসমূহ নিৰ্মাণ কৰি বহু পৰিয়ালে ব্যৱসায় প্ৰতিষ্ঠান, ঘৰ নিৰ্মাণ কৰি আহিছিল। দেৰগাঁৱৰ চক্ৰ বিষয়াই বহু বাৰ এই গৃহসমূহ আঁতৰাই দিবলৈ অনুৰোধ জনাইছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ বাবে এই উচ্ছেদ অভিযান চলাই বুলি উল্লেখ কৰে চক্ৰ বিষয়াই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।