প্ৰধানমন্ত্ৰীক ৰূপজ্যোতিৰ অশ্লীল মন্তব্য

 04/04/2019 - 17:56

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে অশালীন মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। দেশৰ প্ৰধানমন্ত্ৰীক সন্মান কৰিব নজনা জনপ্ৰতিনিধিজনকলৈ লজ্জিত বুলি মন্তব্য কৰে কলিয়াবৰ জিলা সমিতিৰ সভাপতি অনিল শইকীয়াই।

বোকাখাতত ৰাহুল গান্ধীৰ সভাত মোডীক লৈ ৰূপজ্যোতিৰ বিৰূপ মন্তব্যৰ বিৰুদ্ধে গোচৰ তৰিব কলিয়াবৰ জিলাৰ বিজেপিয়ে। প্ৰধানমন্ত্ৰীক অশালীন মন্তব্য কৰা ৰূপজ্যোতিক সকীয়নি দিয়ে শইকীয়াই।

ৰূপজ্যোতিয়ে প্ৰথমে শিষ্টাচাৰ শিকক তাৰ পিছত আনৰ ওপৰত মন্তব্য কৰাৰ আহ্বান শইকীয়াৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।