কোকৰাঝাৰত মদ, জুৱা, সুৰাৰ অবাধ প্ৰচলনঃ উপায়ুক্তলৈ বড়োলেণ্ড ছাত্র সন্থাৰ স্মাৰক পত্ৰ

 09/02/2019 - 19:55

কোকৰাঝাৰ: কোকৰাঝাৰ সদৰ চহৰত দিনক দিনে সমাজ বিৰোধী কাৰ্যকলাপৰ লগতে ড্ৰাগছ, মদ, গাঞ্জা, জুৱাৰ অবাধ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰি তুলিছে। বাৰ মাহত তেৰটা পূজাৰ অজুহাত লৈ গড়কাপ্টানি পথৰ ওপৰত হওক নতুবা সদৰ চহৰৰ আশে পাশে থকা বিভিন্ন খালী ঠাইত পূজাৰ আলম লৈ বহুওৱা মেলাসমূহত মুখ্যতঃ মুকলিভাৱেই চলিছে সুৰা আৰু জুৱাৰ অবাধ প্ৰচলন। আৰক্ষী-প্ৰশাসনৰ চকুৰ সন্মুখতে ঘটি থকা অসামাজিক কাৰ্যকলাপবোৰৰ বিৰুদ্ধে আজি বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বিএছইউয়ে জিলা উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰে৷

কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰৰ হাতত এক স্মাৰক পত্ৰ প্ৰদান কৰি বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বি এছ ইউৰ জিলা সভাপতি দেৰহাছাৎ বসুমতাৰীয়ে কোকৰাঝাৰ চহৰত হকে বিহকে চলি থকা মেলাসমুহত জুৱা, সুৰা আদিৰ অবাধ প্ৰচলন বন্ধ কৰাৰ দাবী উত্থাপন কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱন সুৰক্ষিত কৰি তোলাত গুৰুত্ব আৰোপ কৰে।

তদুপৰি চহৰৰ ট্ৰেফিক ব্যৱস্থাৰ উন্নীতকৰণ, পদপথৰ পৰা দোকান-পোহাৰ আঁতৰাই দিয়া, অনুঞ্জা পত্ৰ বিহীন চালক-বাহনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি জিলা উপায়ুক্তক কেইবাদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে। জিলা উপায়ুক্তই বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি অতিশীঘ্ৰে পৌৰ সভাৰ কৰ্তৃপক্ষ, জিলা আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসনে যুটীয়া বৈঠকত অংশগ্ৰহণেৰে সমস্যাটোৰ সমাধান কৰা হব বুলি বিএছইউৰ নেতৃবৰ্গক আশ্বাস প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।