ডিব্ৰুগড়ত গৰু সৰবৰাহ কৰা ট্ৰাকসহ ৩৩টা গৰু জব্দঃ ৩ জনক জে'ললৈ প্ৰেৰণ

 09/02/2019 - 20:23

ডিব্ৰুগড়ঃ উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া জিলাত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়। নিশাৰ ভাগত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিণত হয় বিভিন্ন চোৰাং সামগ্ৰী সৰবৰাহৰ কৰিডৰলৈ। যোৱা নিশা ডিব্ৰুগড় আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহ কৰা এখন ট্ৰাক ৰাজপথত জব্দ কৰিবলৈ সক্ষম হয়। চাবুৱাৰ দিশৰ পৰা গুৱাহাটীৰ অভিমুখে যোৱা এএচ-২৩-বিচি-৫৩৩৯ নম্বৰৰ ১২ চকাৰ ট্ৰাকখনত ৩৩ টাকৈ গৰু লৈ পলায়ন কৰাৰ সময়তে ডিব্ৰুগড় গাভৰুপথাৰত জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। লাহোৱালত আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত গৰুভৰ্তি ট্ৰাকখন আৰক্ষীৰ বেহু ফালি পলায়ন কৰিছিল। গুৰু-গোসাঁই নমনাকৈ ৰাজপথেৰে ভয়ানকভাবে কি দৰে ৩৩ টাকৈ গৰু লৈ তীব্ৰ বেগেৰে পলায়ন কৰিছিল ট্ৰাকখন।

লাহোৱাল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত এটা দলে ট্ৰাকখন খেদি ধৰাৰ প্ৰচেষ্টা কৰাৰ সময়ত আনকি আৰক্ষীৰ বাহনত খুন্দিয়াই পলাইছিল ট্ৰাকখন। অৱশেষত গাভৰুপথাৰ আৰক্ষীৰ সহযোগত জব্দ কৰে ট্ৰাকখন। আৰক্ষীয়ে ট্ৰাকখনৰ পৰা চালক ছবিৰ খান, আশ্ৰফ আলী আৰু ছাফ্ৰোৰ খানক গ্ৰেপ্তাৰ কৰাৰ লগতে ট্ৰাকখনত অমানৱীয়ভাবে পান জপাদি জাপি অনা ৩৩ টাকৈ গৰু জব্দ কৰে। প্ৰাপ্ত তথ্য মতে চাবুৱাৰ আৰু টেঙাখাত অঞ্চলৰ দুজন ব্যৱসায়ীয়ে চোৰাং গৰুসমূহ গুৱাহাটী অভিমুখে নিছিল।

উজনিত এনেদৰে বছৰ বছৰ ধৰি গৰুৰ এক বৃহৎ ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ আছে যদিও আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে এই ছিণ্ডিকেট চক্ৰৰ সৈতে একাংশ স্বয়ম্ভূ জাতীয় সংগঠনৰ সদস্য জড়িত হৈ কমিচন লৈ ৰাজপথত নিৰাপত্তা দি অহাৰ অভিযোগো দীৰ্ঘদিনীয়া। যাৰ ফলত নিশাৰ ভাগত চোৰাং কাঠ, কয়লা আৰু চোৰাং গৰু আদিৰ কৰিডৰ হৈ পৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰক্ষীয়ে জব্দ কৰা গৰুভৰ্তি ট্ৰাকখন সন্দৰ্ভত সঠিক তদন্তৰ পাছতহে অৱশ্যে পোহৰলৈ আহিব গৰুৰ চোৰাং ব্যৱসায়ত জড়িতসকলৰ নাম। ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তিনিওজনক জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।