তুলসীবাৰীত ৰাজ্যিক কৃতী শিক্ষক উমেশ চন্দ্ৰ কলিতাৰ বিয়োগত শোকৰ ছাঁ

 09/02/2019 - 20:28

ৰঙিয়াঃ ৰঙিয়াৰ অগ্ৰণী শিক্ষানুষ্ঠান তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক উমেশ চন্দ্ৰ কলিতাৰ আজি বিয়োগ ঘটাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰে। দীৰ্ঘদিন ধৰি শয্যাগত হৈ থকা প্ৰয়াত কলিতাই ১৯৬৯ চনতে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰূপে কৰ্মক্ষেত্ৰত যোগদান কৰি শৈক্ষিক দিশত অনগ্ৰসৰ তুলসীবাৰী অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

অঞ্চলটোৰ বিভিন্ন সামাজিক- সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত থাকি সামাজিক দায়ৱদ্ধতাৰ পৰিচয় দি অহা এইগৰাকী  নিৰৱ সাধকে  ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰে বিভূষিত হৈছিল। মৃত্যুৰ সময়ত পত্নী, একমাত্ৰ পুত্ৰ-বোৱাৰী, নাতিসহ ভালে সংখ্যক আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ যায়।

কলিতাৰ বিয়োগত ৰাজ্যৰ জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী তথা তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি ভৱেশ কলিতা, শিক্ষক গোটৰ লগতে তুলসীবাৰী শংকৰদেৱ শিশু নিকেতন, লাচিত জ্যোতি সংঘ প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি তথা দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।