ৰঙিয়াঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ বাবে ৰঙিয়াৰ বালিসত্ৰত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক আছুৰ তৰফৰ পৰা বিশেষ কোচিঙৰ ব্যৱস্থা কৰা হৈছে৷ বালিসত্ৰ ছাত্ৰ সন্থাৰ উদ্যোগত বালিসত্ৰৰ শ্বহীদ ভৱনত আনুষ্ঠানিকভাৱে এই কোচিং ক্লাছৰ শুভাৰম্ভণি কৰা হয়৷ উদ্বোধনী অনুষ্ঠানত বালিসত্ৰ ছাত্ৰসন্থাৰ সভাপতি পাৰ্থপ্ৰতীম কলিতাই সভাপতিত্ব কৰা অনুষ্ঠানটোত সাধাৰণ সম্পাদক দয়ালকৃষ্ণ কোঁৱৰে সভাত উদ্দেশ্য ব্যাখ্যা কৰে৷ উদ্বোধনী ভাষণ দিয়ে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা নিউটন কলিতাই৷
অনুষ্ঠানত সদৌ কামৰূপ জিলা ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাস, কাৰ্যনিৰ্বাহক সদস্য তৌফিকুৰ ৰহমান, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা জিতু কলিতা, সভাপতি জয়ন্ত কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক মৃন্ময় কুমাৰ ডেকা উপস্থিত থাকে৷ উল্লেখ্য যে ছাত্ৰ সন্থাই আয়োজন কৰা এই কোচিং শিৱিৰত ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয়ৰ বিনামূলীয়া পাঠদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷ আজিৰ অনুষ্ঠানত ইংৰাজী বিষয়ৰ অভিজ্ঞ শিক্ষক হৰেশ্বৰ কলিতা আৰু গণিত বিষয়ৰ শিক্ষক খগেন চন্দ্ৰ বৈশ্যও উপস্থিত থাকে৷ সম্প্ৰতি কোচিং শিৱিৰটোত অঞ্চলটোৰ ৩৫ জন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণৰ বাবে আগবাঢ়ি আহিছে বুলি জানিব পৰা গৈছে।