বটদ্ৰৱাঃ জাতীয় জীৱনৰ মহৎ অনুষ্ঠান অসম সাহিত্য সভাৰ আগন্তুক ২০২২ বৰ্ষৰ পূৰ্ণাংগ অধিবেশন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱাত অনুষ্ঠিত কৰাৰ আহ্বান জনাবলৈ, ৰবিবাৰে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত একত্ৰিত হ'ল নগাওঁ জিলাৰ বটদ্ৰৱাৰ ৪ টাকৈ শাখা সাহিত্য সভা। অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সহযোগী আহ্বায়ক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত পৌৰহিত্য কৰে আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাই। সভাত বটদ্ৰৱা আলিপুখুৰী শাখা সাহিত্য সভা, সোনাই নদী উত্তৰ আঞ্চলিক সৌৰভ শাখা সাহিত্য সভা, জাজৰি শতদল শাখা
সাহিত্য সভা আৰু চকলাঘাট শাখা সাহিত্য সভাৰ সভাপতি, সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া সদস্য সকল আৰু অঞ্চলটোৰ আজীৱন সদস্য সকল একত্ৰিত হয় আৰু গুৰুজনাৰ পূণ্যধাম হিচাপে খ্যাত অঞ্চলটোত পূৰ্ণাংগ অধিবেশন আমন্ত্ৰণ জনোৱাৰ বিষয়ত সৰ্ব সন্মত সিদ্ধান্ত গ্ৰহন কৰে। সভাৰ আৰম্ভণীতে আলিপুখুৰী শাখা সাহিত্য সভাৰ সম্পাদক হৰি নাৰায়ণ কোঁৱৰে বিশিষ্ট শিক্ষাবিদ, সত্ৰীয়া কৃষ্টিৰ সাধক তথা বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন সচিব উপেন্দ্ৰ নাথ বৰাৰ বিয়োগত এটি শোক প্ৰস্তাব পাঠ কৰি গভীৰ শোক প্ৰকাশেৰে মৌন প্ৰাৰ্থনা জনোৱা হয়।
সভাত বিশিষ্ট সাহিত্যিক পৰাণ কুমাৰ বৰুৱা, দিলীপ কুমাৰ বৰা, ধীৰ সিং পাটৰ, গজেন ৰাজখোৱা, নৰেন ডেকা, নাৰায়ণ দাস, সাবিত্ৰী বৰা, দিব্যজ্যোতি বৰুৱা, ইয়াচিন আলী, ছামচুল হক, নুৰ জামাল আনচাৰি, অজিত বৰা, প্ৰভাত বৰা, অতুল মহন্ত,প্ৰশান্ত ভৰালী, লক্ষ্যধৰ তালুকদাৰ,গিৰিশ বৰুৱা, উপেন শইকীয়া, জ্যোতি বৰা, মিন্টু দাস, কিনকিন মহন্ত, পংকজ কলিতাা, দিলদাৰ হুছেইনকে প্ৰমুখ্য কৰি দ্বি শতাধিক ৰাইজৰ উপস্থিতিত অসম সাহিত্য সভাৰ অধিবেশনৰ আহ্বায়ক সমিতি এখন গঠন কৰা হয়।