নগাঁৱত পৰিবহন বিভাগৰ অভিযানত জব্দ ৩৫ খন টম্ টম্

 09/03/2019 - 12:48

নগাঁওঃ নগাঁও জিলা পৰিবহন বিভাগৰ প্ৰৱৰ্তক বিষয়া কৃষ্ণকান্ত পাটগিৰি, প্ৰহ্লাদ হাজৰিকা আৰু ৰঞ্জিত দত্তৰ নেতৃত্বত ৰবিবাৰে নগাঁও চহৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত বিশেষকৈ কৰ পৰিশোধ নকৰা টম্ টম্, চালকৰ অনুজ্ঞাপত্ৰ নথকা টম্ টম্, বীমা নথকা টম্ টম্ চীনত নিৰ্মিত টম্ টম্ আদি কেইবাটাও যানবাহন আইন ভংগৰ অপৰাধত বাহন সমূহৰ গৰাকী তথা চালকক অতৰ্কিতে অভিযান চলাই ৩৫ খনৰো অধিক টম্ টম্ জব্দ কৰিবলৈ সক্ষম হয়৷

অভিযান কালত নগাঁও পৰিবহন বিভাগৰ প্ৰৱৰ্তক বিষয়া কৃষ্ণকান্ত পাটগিৰি, প্ৰহ্লাদ হাজৰিকা আৰু ৰঞ্জিত দত্তই টম্ টম্ চালক সকলৰ লগতে ৰাইজক যানবাহন আইন মানি চলিবলৈ আহ্বান জনায়। উল্লেখ্য যে, নগাঁও চহৰত দিনক দিনে, যাৱতীয় নথিপত্ৰ বিহীন টম্ টম্, পঞ্জীয়ন বিহীন টম্ টম্, নম্বৰ প্লেট নথকা টম্ টম্, চাইনিচ টম্ টম্ ৰ চলাচল অবাধ গতীত বৃদ্ধি পোৱাৰ বাবে চহৰ খনত যানযট বৃদ্ধি পোৱাৰ বাবে এনেদৰে অযিভান চলাই এই সমূহ অকৰ্তৃত্ব, বিদেশী বাহন জব্দ কৰিৱলৈ সক্ষম হয়৷ বিভাগটোৰ বিষয়া সকলৰ এনে পদক্ষেপক নগাঁৱৰ সচেতন মহলে সলাগ লৈছে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।