কংগ্ৰেছত যোগদান অধিবক্তা চন্দ্ৰ বৰুৱাৰ

 04/04/2019 - 19:04

আমগুৰি: ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ। প্ৰতিটো ৰাজনৈতিক দলেই নিজ প্ৰক্ষেপিত প্ৰাৰ্থীক বিজয়ী কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন পন্থা। তাৰ সমান্তৰালকৈ আৰম্ভ হৈছে দল বাগৰা ৰাজনীতি।

আমগুৰিত কংগ্ৰেছত যোগদান কৰিলে বিজেপিৰ অন্যতম নেতা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা চন্দ্ৰ বৰুৱাই। নাগৰিকত্ব সংশোধনী বিল ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়া বিজেপি চৰকাৰৰ জাতিধ্বংসী কাৰ্যত ক্ষুণ্ণ হৈ বিজেপি ত্যাগ কৰা বুলি প্ৰকাশ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাগৰাকীয়ে। বৰুৱাৰ যোগদানে দলটোক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

আনহাতে, যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইক জয়ী কৰাবলৈ দেখা গ'ল ব্যতিক্ৰমী দৃশ্য। সুশান্ত বৰগোঁহাইক সংগ দিয়া আমগুৰি সমষ্টিৰ নেত্ৰী অংকিতা দত্তই আমগুৰি সমষ্টিত তুংগত কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান।   

যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইক জয়ী কৰাবলৈ নিৰ্বাচনী প্ৰচাৰত সহযোগ কৰিছে অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী মনোজ বৰাই। নিৰ্বাচনী গীত ৰচনা কৰি ভোটাৰক আকৰ্ষিত কৰাৰ বাবে সুশান্ত-অংকিতাক ৰ'ড শ্ব’ৰ যোগেদি গীতৰ শৰাই আগবঢ়াইছে কণ্ঠশিল্পী বৰাই। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।