লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ কৰ্ম বিৰতি

 09/03/2019 - 15:25

লখিমপুৰঃ টিয়ক চাহ বাগিচাৰ চিকিৎসক ডাঃ দেৱেন দত্তক কৰা বৰ্বৰ আক্ৰমণ তথা হত্যাৰ প্ৰতিবাদত অসম চিকিৎসা সেৱা সন্থা, ভাৰতীয় চিকিৎসা সন্থাৰ আহ্বান ক্ৰমে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক-চিকিৎসা কৰ্মী সকলে মঙলবাৰে পুৱা ৬ বজাৰ পৰা ৪ ছেপ্তেম্বৰ পুৱা ৬ বজালৈ ২৪ ঘন্টীয়া কৰ্ম বিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

কৰ্ম বিৰতিৰ সময় চোৱাত জৰুৰী কালিন চিকিৎসা সেৱা প্ৰদান কৰা হয় যদিও চিকিৎসক-চিকিৎসা কৰ্মীয়ে OPD সেৱা বন্ধ ৰখাত বহু ৰোগীয়ে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ ঘটনাই ৰোগীৰ মাজত হাহাকাৰ সৃষ্টি কৰে উত্তৰ লখিমপুৰ ২০০ খন বিছনা যুক্ত অসামৰিক চিকিৎসালয়ত। মঙলবাৰে পুৱা ৬ বজাৰ পৰা আৰম্ভ কৰা চিকিৎসকৰ কৰ্মবিৰতি বুধবাৰে পুৱা ৬ বজাত সমাপ্তি ঘটে যদিও আজি সন্ধিয়ালৈ টিয়কৰ চিকিৎসক দেবেন দত্তৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনায় দুখিক শাস্তিৰ দাবীত জোঁৰলৈ সমদল উলিয়াব লখিমপুৰ চিকিৎসক সন্থাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।