যোৰহাটঃ টীয়ক চাহ বাগিচাৰ চিকিৎসক দেবেন দত্তক একাংশ উদণ্ড শ্ৰমিকে মৰিয়াই হত্যা কৰা ঘটনাৰ প্ৰতিবাদত সোমবাৰে যোৰহাটৰ চিকিৎসকসকলে চিকিৎসা সেৱা বন্ধ ৰখাৰ লগতে ঘটনাত জড়িত দোষী ব্যক্তিক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰিবলৈ দাবী জনায়। এগৰাকী কৰ্তব্যৰত চিকিৎসকক হানি খুচি হত্যা কৰি মানৱতাক ভূলুণ্ঠিত কৰা ঘটনাটোৰ তীব্ৰ প্ৰতিবাদ জনায় সোমবাৰে ৰাজপথলৈ ওলাই আহে যোৰহাটৰ চিকিৎসক সমাজ।
ডাক্তৰছ ফেডাৰেশ্যন যোৰহাটৰ উদ্যোগত সদৌ অসম চিকিৎসা সেৱা সন্থা, ইণ্ডিয়ান মেডিকেল এছচিয়েচন যোৰহাট শাখা, ডক্টৰছ ক্লাব, যোৰহাট মেডিকেল কলেজৰ শিক্ষক গোট, বিভিন্ন সংস্থাৰ প্ৰতিনিধিৰ লগতে জিলাখনৰ পাঁচ শতাধিক চিকিৎসকে অংশগ্ৰহণ কৰা প্ৰতিবাদী মৌন সমদলটো ডক্টৰছ ক্লাবৰ পৰা ওলাই যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সামৰণি পৰে। চিকিৎসক সকলৰ সুৰক্ষা নিশ্চিত কৰা, দোষীক উচিত শাস্তি দিয়া আদি বিভিন্ন দাবী জনায় প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত দণ্ডাধীশৰ জৰিয়তে উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।