প্ৰনৱ নাৰায়ণ দেৱক প্ৰত্যাহ্বান বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ

 09/03/2019 - 16:14

কোকৰাঝাৰঃ কনকৰ্ফৰ নেতা প্ৰনৱ নাৰায়ণ দেৱে ধাৰাবাহিকভাৱে বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য দি বড়ো জনগোষ্ঠীটোৰ অনুভূতিত আঘাত সনা বুলি গুৰুতৰ অভিযোগ কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই৷ মঙলবাৰে এক প্ৰেছ বিবৃতিযোগে মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় অবড়োৰ সেনাপতি হিচাপে নিজকে জাহিৰ কৰি প্ৰনৱ নাৰায়ণ দেৱে বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে আউল বাউল কথা কৈছে৷

 নিজেই বৰ্নসংকৰত ভোগা প্ৰনৱ নাৰায়ন দেৱক পাগল আখ্যা দি মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে কয ছদ্মবেশী লোক সকলৰ লাজ, ভয় নাথাকে আৰু তেওঁলোকে যিকোনো অভিযোগ কৰিব পাৰে৷ বড়ো বিৰোধী মানসিকতাৰ লোক প্ৰনৱ নাৰায়ণ দেৱে মুৰ্খ মানুহক সন্তুষ্ট কৰিবলৈ বড়ো সকলৰ ইতিহাসক তুচ্ছ তাচ্ছিল্য কৰিছে৷ জনজাতি সুৰক্ষা মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে প্ৰনৱ নাৰায়ন দেৱক প্ৰত্যাহ্বান জনাই কয় চিনচুলা চুক্তি হোৱা আৰু ভূটান দুৱাৰচ গঠন হোৱাৰ আগতে ১৫ শতিকাত নৰনাৰায়ণ আৰু চিলাৰায়ৰ ককা দেউতা বড়ো ৰজা হাউৰীয়া মেচ বা হৰিদাস মণ্ডলে চিকনাঝাৰত মেচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নে নাই বুলিও প্ৰশ্ন উত্থাপন কৰিছে৷

দৰঙৰ ৰজা সমুদ্ৰ নাৰায়ণৰ আদেশত সুৰ্যকৰি দৈবজ্ঞই লিখা দৰঙ্গ ৰাজবংশাৱলী কিতাপত পানবাৰ ভেদেলা, আৱৰ, গুৱাবৰ, ফেদপেদো, বৰিহনা মেচ, শ্ৰেষ্টতৰ বুলি কৈ কৌটিয়া বৈশাগু মেগা, যুদ্ধাবৰ নাম, গড়কাটা, জাগাই জোখোৰা অনুপাম এই বাৰ জন মেচ পৰম প্ৰবল সবাৰ উপৰি শ্ৰেষ্ঠ হাৰিয়া মণ্ডল লিখিছিল যদিও প্ৰনৱ নাৰায়ণ দেৱে নজনাৰ ভাও ধৰিছে৷ ইতিহাস নজনাকৈ বড়ো জাতিৰ বিৰুদ্ধে আউল বাউল কথা কোৱাৰ আগতে কোচ সকল যে মেচ বড়ো জনগোষ্ঠীৰ পৰা উদ্ভৱ হৈছে সেয়া ইতিহাসতে লিপিৱদ্ধ আছে বুলিও মঞ্চৰ নেতা গৰাকীয়ে অভিযোগ কৰিছে।

১৫ শতিকাত বড়ো ৰজা কান্ত নাথ মেচে নীলধ্বজ নাম লৈ কমতাপুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল৷ কোচ ৰাজবংশী সকলে কোচবিহাৰ ৰাজ্যৰ বংশধৰ বুলি জাহিৰ কৰা সেই প্ৰতিষ্ঠাতা ৰজা হাওৰীয়া মেচ আছিল৷ তদুপৰি ১৮৯০ চনত পঞ্চানৱ বৰ্মনৰ নেতৃত্বত ক্ষত্ৰিয় হ’বলৈ আন্দোলন কৰি কৰতোৱা নদীত কেশ মুণ্ডন কৰি স্নান কৰি নদীক কালো হইলেক কৰিছিল৷ দীঘলীয়া টিকনি ৰাখি কপালত তিলক ধাৰন কৰি ডিঙিত তুলসী নতুবা বেলৰ মালা ধাৰন কৰি ছদ্মবেশী কৃষ্ণ ভকতৰ ভাও ধৰিছিল৷ সেয়ে তেওঁলোক নিজে নিজেই বিকৃত বুলি মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে অভিযোগ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।