04/04/2019 - 19:13
in
গুৱাহাটী: এক ব্যতিক্ৰমী কবিতা পুথি। নাম 'এনিশাৰ কবিতা'। সকলোৱে হয়টো প্ৰকৃতিক লৈ, নিজৰ জীৱনক লৈ, নিজৰ অভিজ্ঞতাক লৈ কবিতা ৰচনা কৰে। কিন্তু কবি দেৱজিৎ ভূঞাই প্ৰধানমন্ত্ৰী মোডীক লৈ পোনপ্ৰথমবাৰৰ বাবে এখন কাব্যগ্ৰন্থ ৰচনা কৰে।
একে নিশাতে ৰচনা কৰা ৬০টা কবিতাৰ সংকলন 'এনিশাৰ কবিতা' নামৰ কিতাপখন আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। দেশত আকৌ এবাৰ মোডী চৰকাৰ গঠনৰ আশাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৬০ মহীয়া কাৰ্যকালৰ বিৱৰণ দাঙি ধৰে এই কাব্যগ্ৰন্থখনত।
উন্মোচক হিচাপে বিজেপিৰ যুৱনেতা ৰঞ্জিত বৰ্মন উপস্থিত থাকে। কবিতাৰ আধাৰত মোডীৰ প্ৰতি দেখুওৱা শ্ৰদ্ধা উন্মোচক বৰ্মনে শলাগ লয়।
উন্মোচনী সভাত উপস্থিত থাকে সমাজকৰ্মী অজিত বৰ্মন, সাহিত্যিক ৰিজু হাজৰিকা।